হাতত আঠখন বহুমূলীয়া ৰংকৰা পছমী কাপোৰ ৰজা বিম্বিসাৰলৈ পঠাই দিলে। বিম্বিসাৰ ৰজাই এই উপহাৰৰ সলনি এটা ধুনীয়া পেটাৰীত ভৰাই এখন স্বৰ্ণ-পট পঠাই দিলে। সেই স্বৰ্ণ-পটত উৎকৃষ্ট জৰীৰে বুদ্ধ ধৰ্ম্ম আৰু সংঘৰ গুণাৱলী লিখি পঠোৱা হৈছিল। তাক পাঠ কৰি পুক্কুসাতি ৰজাৰ অন্তৰত বুদ্ধৰ প্ৰতি প্ৰবল আগ্ৰহ সৃষ্টি হল আৰু শেহত ৰাজ-পাট এৰি পদব্ৰজে ৰাজ-গৃহলৈ যাত্ৰা কৰিলে।
ৰাজগৃহত কিদৰে এজন কুমাৰৰ ঘৰত বুদ্ধৰ লগত তেওঁৰ সাক্ষাৎ হল আৰু বুদ্ধই তেওঁক কি উপদেশ দিলে আৰু অৱশেষত কেনেকৈ গৰুৱে তেওঁক খুচি মাৰিলে আদি কথা আগেয়ে উল্লেখ কৰি অহা ধাতুৱি- ভঙ্গসুত্ত’ত পোৱা যায়।
‘জাতক অট্ঠকথা’ৰ ভালেমান ঠাইত গান্ধাৰ আৰু তাৰ ৰাজধানী তক্ষশিলাৰ উল্লেখ পাবলৈ আছে। তক্ষশিলা কলাকৌশলৰ নিচিনাকৈয়ে বিদ্যাৰ ক্ষেত্ৰতো উন্নত আছিল। বেদাভ্যাস কৰিবলৈ ব্ৰাহ্মণকুমাৰ, ধনুৰ্বিদ্যা আৰু ৰাজ্য শাসন শিকিবলৈ ক্ষত্ৰিয়কুমাৰ আৰু শিল্পকলা বা আন কিবা ব্যৱসায় শিকিবলৈ তৰুণ বৈশ্য দূৰদূৰণিৰ পৰা গৈ তক্ষশিলাত উপস্থিত হৈছিল। ৰাজগৃহৰ খ্যাতনামা বৈদ্য জীৱক কৌমাৰভৃত্যয়ো তক্ষশিলাতে আয়ুৰ্বেদৰ অধ্যয়ন কৰিছিল। ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি আৰু প্ৰসিদ্ধ বিশ্ববিদ্যালয়ো তক্ষশিলাতে আছিল।
১৬। কম্বোজ (কাম্বোজ)–অধ্যাপক ৰীচ ডেৱিড্চৰ মতে কম্বোজ ৰাজ্য আছিল উত্তৰ-পশ্চিম পিনে আৰু ইয়াৰ ৰাজধানী আছিল দ্বাৰিকা।[৯] কিন্তু ‘মজ্ঝিমনিকায়’ৰ ‘অস্সলায়নসুত্ত’ত ‘যোন কম্বোজেসু' বুলি ইয়াক যৱন দেশৰ লগত উল্লেখ কৰা হৈছে। তাৰ পৰা অনুমান হয় যে এই দেশ গান্ধাৰৰো সিপাৰত আছিল। এই সুত্তত
- (৯)^ Buddhist India, p. 28