পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
ভগৱান বুদ্ধ
 

নামেৰে নিজৰ দাস এজনক পঠাই দিলে। কাকে লৰা-ধপৰা কৰি গৈ কোশাম্বীত জীৱকক ধৰা পেলালে। জীৱকে তাক এটা ঔষধ লগোৱা আমলখি খাবলৈ দিলে, ফলত কাকৰ বৰ দুৰ্গতি হল। সিফালে ভদ্দৱতীত উঠি জীৱক নিৰাপদে ৰাজগৃহ পালেগৈ। ইফালে প্ৰদ্যোত সম্পূৰ্ণ সুস্থ হল। কাক দাসো ভাল হৈ উজ্জৈনত উপস্থিত হল। ৰোগ- মুক্ত হৈ আগৰ স্বাস্থ্য ঘূৰাই পোৱা দেখি প্ৰদ্যোত জীৱকৰ ওপৰত বৰ সন্তুষ্ট হল। প্ৰদ্যোতে জীৱকক উপহাৰ দিবলৈ সিৱেয়্যক নামৰ এসাজ কাপোৰ ৰাজ-গৃহলৈ পঠাই দিলে।

  এই কাহিনীৰ লগত ‘ধম্মপদ অট্‌ঠকথা’ৰ কাহিনীৰ ভালেখিনি মিল আছে। কিন্তু এই কাহিনীৰ এটা আনটোৰ পৰা ৰচনা কৰা হৈছেনে দুয়োটা বেলেগ বেলেগ সময়ত ৰচিত হৈছে তাক হলে জনা নাযায়। তথাপি দুয়োটা কাহিনীৰ পৰা এইখিনি অনুমান কৰিব পাৰি যে প্ৰদ্যোত এজনা বৰ খঙাল আৰু সাৰ্ব্বভৌম ৰজা আছিল।

  বুদ্ধ ভগৱান কোনোদিনে প্ৰদ্যোতৰ ৰাজ্যলৈ যোৱা নাছিল। তেওঁৰ অন্যতম মুখ্য শিষ্য মহাকাত্যায়ন প্ৰদ্যোতৰ পুৰোহিতৰ লৰা আছিল। বাপেকৰ মৃত্যুৰ পিচত তেৱেঁই পুৰোহিতৰ বাব পাইছিল। কিন্তু তাত মনলৈ শান্তি নহাত তেওঁ মধ্যদেশলৈ যায় আৰু তাতে বুদ্ধৰ ভিক্ষুশিষ্য হয়। মহাকাত্যায়ন স্বদেশলৈ উভতি যোত প্ৰদ্যোতে আৰু আন আন লোকে তেওঁৰ যথেষ্ট আদৰ সৎকাৰ কৰে। জাতিভেদ সম্বন্ধে মথুৰাৰ ৰজা অৱতিপুত্ৰৰ লগত তেওঁৰ যি আলোচনা হৈছিল ‘মজ্‌ঝিমনিকায়’ৰ মধুৰ’ বা ‘মধুৰিয় সুত্ত’ত তাক বৰ্ণনা কৰা হৈছে। মথুৰা আৰু উজ্জৈনত মহাকাত্যায়নৰ সুখ্যাতি থাকিলেও তাত বুদ্ধ ভগৱানৰ জীৱন কালত বৌদ্ধমতৰ অধিক প্ৰসাৰ হোৱা যেন অনুমান


  (৬) চাক— মহাবগ্‌গ, ভাগ ৮ম।
  (৭) আৰু জানিবলৈ হলে বৌদ্ধ সঙ্ঘাচা পৰিচয়, পৃষ্ঠা ১৬৫-১৬৮ চাওক।