সৈতে এখন উপনিৱেশ পাতিছিল আৰু সি ধীৰে ধীৰে বাঢ়ি গৈছিল। দক্ষিণ অঞ্চলত বৈদিক ধৰ্ম্ম প্ৰচাৰকৰ এই খনেই প্ৰথম উপনিৱেশ আছিল বুলিও আমি কব পাৰোঁহক। বুদ্ধ বা তেওঁৰ সমসাময়িক ভিক্ষুসকলে এই অঞ্চল ঢুকি পোৱা নাছিলগৈ, গতিকে বৌদ্ধ-সাহিত্যত এই ৰাজ্য সম্বন্ধে বিশেষ তথ্যাদি পোৱা নাযায়। তথাপি বুদ্ধৰ কীৰ্ত্তি হলে তাতো বিয়পি পৰিছিল। সেই কথা শুনি বাৱৰীয়ে তেওঁৰ শিষ্য, ষোলজনক বুদ্ধ-দৰ্শনৰ কাৰণে পঠাই দিছিল। তেওঁলোক বাটকুৰি বাই আহি আহি মধ্যদেশত উপস্থিত হল আৰু শেহত ৰাজগৃহলৈ গৈ ভগৱান, বুদ্ধৰ লগত সাক্ষাৎ কৰি তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিলে। এইবোৰ কথা উল্লিখিত ‘পৰায়ণ বগ্গত’হে পোৱা যায়। কিন্তু তাৰ পিচত তেওঁলোকে উভতি গৈ গোদাবৰী প্ৰদেশত ধৰ্ম্ম প্ৰচাৰ কৰিছিল নে নাই, সেই সম্বন্ধে হলে কোনো উল্লেখ পোৱা নাযায়।
১৪। অৱন্তী— অৱন্তীৰ ৰাজধানী উজ্জৈন আৰু তাৰ ৰজা চণ্ডপ্ৰদ্যোত সম্বন্ধে ভালেমান উল্লেখ আছে। এবাৰ চণ্ডপ্ৰদ্যোতৰ অসুখ হোৱাত তেওঁৰ আমন্ত্ৰণক্ৰমে মগধদেশৰ প্ৰসিদ্ধ জৈন্তু জীৱক কৌমাৰভৃত্য তেওঁক চিকিৎসা কৰিবলৈ উজ্জৈনলৈ গৈছিল। প্ৰদ্যোতৰ স্বভাৱ অতিশয় নিষ্ঠুৰ আছিল হেতুকে তেওঁৰ নামৰ আগত ‘চণ্ড’ বিশেষণ প্ৰয়োগ কৰা হৈছিল আৰু সেই কথা জীৱকেও ভালদৰে জানিছিল। ৰজাক ঔষধ দিয়াৰ আগতে তেওঁ বনলৈ গৈ ঔষধ অনাৰ ছেলু দেখুৱাই ৰজাৰ পৰা ভৱতী নামৰ এজনী হাতী খুজি ললে আৰু ৰজাক ঔষধ দি হাতীত উঠি তাৰ পৰা পলাই গল। ইফালে ঔষধ খোৱাৰ লগে লগে ৰজাৰ ভয়ানক বমি হবলৈ ধৰিলে। তেতিয়া ৰজাৰ বৰ খং উঠিল আৰু জীৱকক ধৰি আনিবলৈ দিলে। কিন্তু তাৰ আগতেই জীৱক আঁতৰি পৰিছিল। তেওঁক অনুসৰণ কৰিবলৈ ৰজাই কাক৩