ভিক্ষুসকল যাতে ভালদৰে চলিব পাৰে তাৰ সুবিধা কৰি দিবলৈকো তেওঁলোকৰ আগ্ৰহ আছিল।
৯। কুৰু— দেশৰ ৰাজধানী আছিল ইন্দ্ৰপ্ৰস্থ নগৰী। বুদ্ধৰ সময়ত তাত কৌৰৱ্য নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল— ইমানকে মাথোন জনা যায়। কিন্তু তাৰ শাসনপ্ৰণালী কেনে ধৰণৰ আছিল, সেই বিষয়ে হলে একো জনা নাযায়। এই দেশত বুদ্ধৰ ভিক্ষু-সংঘৰ বাবে এটাও বিহাৰ নাছিল। বুদ্ধভগৱানে ধৰ্ম্মোপদেশ দি ফুৰোঁতে কেতিয়াবা এই দেশত উপস্থিত হলে হয়তো গছৰ তলত নহলে আন কোনো ঠাইত অৱস্থান কৰিছিল। তথাপি এই কথা হলে জনা যায় যে এই দেশতো বুদ্ধৰ উপদেশ বিচৰা ভালেমান লোক আছিল, তাৰে ৰাষ্ট্ৰপাল নামৰ এজন ধনী যুৱক ভিক্ষু হোৱাৰ বিৱৰণ ‘মজ্ ঝিমনিকায়’ত বিতংভাৱে দিয়া হৈছে। ‘সুত্তপিটক’ত কুৰু দেশৰ কম্মাসদন্ম (কল্মাষ- দম্য) নামৰ নগৰৰ ওচৰত বুদ্ধ ভগৱানে সতিপট্ঠানৰ নিচিনা কিছুমান শ্ৰেষ্ঠ উপদেশ দিয়াৰ কথাও উল্লেখ কৰা হৈছে। অনুমান হয় যে তাৰ সাধাৰণ ৰাইজে বুদ্ধক সন্মান কৰিছিল; কিন্তু অধিকাৰীসকলৰ মাজত হলে কোনো বুদ্ধ-ভক্ত নাছিল; তেওঁলোকৰ মাজত বৈদিক ধৰ্ম্মহে ভালদৰে চলিছিল।
১০ আৰু ১১। পঞ্চাল (পাঞ্চাল) আৰু মচ্ছ (মৎস্য)— উত্তৰ পাঞ্চালৰ ৰাজধানী কম্পিল্প (কাম্পিল্য) আছিল বুলি ‘জাতক অট্ঠকথা’ৰ ভালেমান ঠাইত উল্লেখ কৰা হৈছে; কিন্তু মৎস্য দেশৰ ৰাজধানী সম্বন্ধে হলে কোনো উল্লেখ পোৱা নাযায়। ইয়াৰ পৰা অনুমান হয় যে বুদ্ধৰ সময়ত এই দেশ দুখনৰ কোনো বিশেষ গুৰুত্ব নাছিল। এই দেশ দুখনত ভগৱান বুদ্ধই যাত্ৰা কৰা নাছিল, গতিকে তাৰ মানুহ অথবা নগৰবোৰৰ সম্বন্ধে বৌদ্ধ গ্ৰন্থসমূহত বিশেষ উল্লেখ পোৱা নাযায়।