পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
ভগৱান বুদ্ধ
 

মোহৰবোৰ ৰাস্তাত সিঁচি দিলে। সৈন্যহঁত সেই মোহৰ বুটলিবলৈ থপিয়াথপি লগালে, সেই সুযোগতে উদয়নে হাতীক আগবঢ়াই নিলে। অলপ পিচত আকৌ সৈন্যহঁতে আগচি ধৰাত ৱাসৱদত্তাই আগৰ নিচিনাকৈ আৰু এখন সোণৰ মোহৰৰ মোনা উবুৰিয়াই বাটত সিঁচি দিলে। এইদৰে বাটত মোহৰ সিঁচি সিঁচি দি তেওঁলোক দুয়ো কৌশাম্বীত উপস্থিত হলগৈ।

  উদয়নৰ সম্পৰ্কে আৰু প্ৰসিদ্ধ কাহিনী আছে। এদিনাখন তেওঁ ক্ৰীড়াৰ উদ্দেশ্যে নিজৰ উদ্যানলৈ গৈছিল। তাতেই তেওঁৰ টোপনি আহিল। তাৰে ওচৰৰে এজোপা গছৰ তলত পিণ্ডোল ভাৰদ্বাজ ভিক্ষু বহি আছিল। ৰজাৰ টোপনি অহা দেখি তেওঁৰ ৰাণী কেইগৰাকী পিণ্ডোল ভাৰদ্বাজৰ ওচৰলৈ গল আৰু তেওঁৰ উপদেশ শুনিবলৈ ধৰিলে। ইফালে ৰজা উদয়নে সাৰ পালে আৰু খং উঠি তেওঁ পিণ্ডোল ভাৰদ্বাজ গাত ৰঙা পৰুৱা এৰি দিবলৈ চেষ্টা কৰিলে। ‘সংযুত্তনিকায়’ৰ অট্‌ঠ- কথাত এই ঘটনাৰ উল্লেখ পোৱা যায়। পিচলৈ গৈ পিণ্ডোল ভাৰদ্বাজৰ উপদেশ শুনি উদয়নো হেনো বুদ্ধোপাসক হৈছিল।

  ‘অঙ্গুত্তৰনিকায়’ৰ অট্‌ঠকথা আৰু ‘ধম্মপদ’ৰ অট্‌ঠকথাত এই বুলি উল্লেখ কৰা হৈছে যে কৌশাম্বীত ঘোষিত, কুক্কুট আৰু পাৱাৰিক নামৰ তিনিজন শ্ৰেষ্ঠীয়ে বোলে ভিক্ষু-সংঘৰ কাৰণে যথাক্ৰমে ঘোষিতাৰাম, কুক্কুটাৰাম আৰু পাৱৰিকাৰাম নামৰ তিনিটা বিহাৰ সজাই দিছিল। উদয়ন ৰজাৰ এগৰাকী প্ৰধানা মহিষী সামাৱতী আৰু তেওঁৰ দাসী খুজ্জুত্তৰা (কুব্জা উত্তৰা) ভগৱানৰ দুগৰাকী প্ৰধান উপাসিকা আছিল। এই বোৰ কাহিনীৰ পৰা জনা যায় যে উদয়ন ৰজাৰ বুদ্ধৰ প্ৰতি বিশেষ শ্ৰদ্ধা নাথাকিলেও কৌশাম্বীৰ ভালেমান লোক বুদ্ধ-ভক্ত আছিল আৰু  (২) চাওক— বৌদ্ধ সংঘাচা পৰিচয়, পৃঃ ২৩৭-২৪৫।