পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ৰাজনৈতিক পৰিস্থিতি
২৯
 

এতেকে তেওঁ উদয়নক কলে, “মোৰ ঘৰত এজনী কুঁজী দাসী আছে; তাই আঁৰকাপোৰৰ পিচ পিনে বহি তোমাক প্ৰণাম কৰিব আৰু তোমাৰ শিষ্যত্ব স্বীকাৰ কৰি মন্ত্ৰ শিকিব। যদি তাইৰ মন্ত্ৰসিদ্ধি হয় তেন্তে তোমাক মুক্তি দি তোমাৰ ৰাজ্যলৈ পঠাই দিম।”

  উদয়ন তাত সম্মত হ’ল। ইফালে প্ৰদ্যোতে ৱাসৱদত্তাৰ আগত কলে, “এজন ধল ওলোৱা (শ্বেতকুষ্ঠ হোৱা) মানুহে হাতীৰ মন্ত্ৰ জানে। তাৰ মুখ নোচোৱাকৈয়ে তাক তুমি প্ৰণাম কৰি মন্ত্ৰ শিকি লোৱ!”

  তাৰ পিচত ৱাসৱদত্তাই আঁৰকাপোৰৰ পিচৰ পৰাই উদয়নক প্ৰণাম কৰি মন্ত্ৰ শিকিবলৈ ললে। মন্ত্ৰ শিকোঁতে তেওঁৰ মুখত কিবা শব্দৰ উচ্চাৰণ ভালদৰে নোহোৱাত উদয়ন অসন্তুষ্ট হল আৰু কলে, “অ, কুঁজীদাসী, তোৰ ওঠদুটাও বৰ ডাঠ যেন লাগিছে অ।” তেতিয়া ৱাসৱদত্তাৰ বৰ খং উঠিল আৰু কলে, “হেৰ বগাবেমাৰে ধৰা, তই ৰাজ- কন্যাকো কুঁজীদাসী বুলি কবলৈ সাহ কৰনে?”

  উদয়ন হতবম্ব হল— ঘটনা কি! গতিকে তেওঁ আঁৰকাপোৰখন গুচাই দিলে। তুৰন্তে উভয়ে প্ৰদ্যোত্তৰ চক্ৰান্ত বুজিব পাৰিলে আৰু দুয়োৰো মাজত পাৰম্পৰিক আসক্তি জন্মিল। তেওঁলোকে অৱন্তীৰ পৰা পলাই যোৱাৰ ষড়যন্ত্ৰ কৰিলে। ৱাসৱদত্তাই শুভ মুহূৰ্তত ঔষধি আনিবলৈ হাতী এটা লাগে বুলি বাপেকৰ আগত কৈ ভদ্ৰৱতী নামৰ এটা হাতী যোগাৰ কৰি ললে। তাৰ পিচত প্ৰদ্যোত উদ্যান-ক্ৰীড়ালৈ যোৱাৰ ছেগ চাই ৱাসৱদত্তা আৰু উদয়ন ভদ্ৰৱতী হাতীজনীত উঠি পলাই গল। উদয়ন তো হাতী চলোৱাত ওস্তাদ আছিলেই। কিন্তু সেই কথা গম পাই ৰজাৰ সৈন্যই তেওঁলোকক পিচে পিচে খেদি গৈ আগচি ধৰিলে। পিচত ৱাসৱদত্তা ইয়াৰ কাৰণেও আগৰে পৰা সাজু হৈ আছিল। তেওঁ বাপেকৰ ৰাজভঁৰালৰ পৰা ভালেমান সোণৰ মোহৰেৰে ভৰা মোন লগত লৈ গৈছিল। তাৰে এখন মোনা উলিয়াই