পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ৰাজনৈতিক পৰিস্থিতি
২৫
 

জীৱনকালত নিজৰ স্বতন্ত্ৰতা অক্ষুণ্ণ ৰাখিব পাৰিছিল। গতিকে বুদ্ধ- ভগৱানৰ অন্তৰত ৱজ্জীসকলৰ প্ৰতি আদৰ হোৱাটো স্বাভাৱিক আছিল। ‘মহাপৰিনিব্বানসুত্ত’ত উল্লেখ আছে যে দূৰৈৰ পৰা যোৱা লিচ্ছৱিসকলক দেখা পাই ভগৱান বুদ্ধই কৈছিল ‘হে ভিক্ষুসকল, যি সেই ত্ৰিংশৎ দেৱতা দেখা নাই, তেওঁলোকে এই লিচ্ছৱিসকলৰ সমূহ চালেই হব।’

  ৱজ্জীসকলৰ ৰাজধানী আছিল ৱৈশালী নগৰী। তাৰে দাঁতি কাষৰত বাস কৰা লোকসকলক লিচ্ছৱি বোলা হৈছিল। তাৰ পূবৰ পিনে প্ৰথমতে বিদেহৰ ৰাজ্য আছিল য'ত জনকৰ নিচিনা উদাৰ ৰজাই ৰাজত্ব কৰিছিল। ‘ললিত-ৱিন্তৰ’ৰ পৰা জনা যায় যে বিদেহৰ শেষ ৰজা সুমিত্ৰই মিথিলা নগৰীত ৰাজত্ব কৰিছিল। তাৰ পিচত বিদেহ ৰাজ্য ৱজ্জীসকলৰ ৰাজ্যৰ লগত সংযুক্ত কৰা হয় চাগৈ।

  ৱজ্জীসকলৰ সমৃদ্ধিৰ কাৰণ সম্বন্ধে বুদ্ধভগৱানে যি সাতোটা নিয়মৰ উপদেশ দিছিল তাৰ বৰ্ণনা ‘মহাপৰিনিব্বাণ সুত্ত’ৰ আৰম্ভণিতে আৰু ‘অঙ্গুত্তৰ নিকায়’ৰ সুত্তক নিপাতত পোৱা যায়। ‘মহাপৰিনিব্বাণ সুত্ত’ৰ অট্‌ঠ কথাত এই নিয়মবোৰৰ বহলাই টীকা কৰা হৈছে। তাৰ পৰা অনুমান হয় যে ৱজ্জীসকলৰ ৰাজ্যত এক প্ৰকাৰৰ জুৰিৰ বিচাৰ (পঞ্চায়ত) পদ্ধতি আছিল আৰু প্ৰায়ে নিৰপৰাধ লোকক শান্তি দিয়া নহৈছিল। তেওঁলোকৰ আইন লিপিবদ্ধ আছিল আৰু তেওঁলোকে তাক মানি চলিবলৈ সততে চেষ্টা কৰিছিল।

 ৬। মল্ল— মল্ল সকলৰ ৰাজ্য ৱৰ্জ্জীসকলৰ পূব পিনে আৰু কোসল দেশৰ পছিম পিনে আছিল। ইয়াতো ৱজ্জীসকলৰ নিচিনাকৈয়ে গণ- তন্ত্ৰাত্মক শাসন প্ৰণালী চলিছিল। কিন্তু মল্লসকলৰ নিজৰ মাজত বিভেদৰ সৃষ্টি হৈছিল। ফলত মল্লসকল পাৱাৰ মল্ল আৰু কুশিনাৰাৰ মল্ল নামেৰে দুটা ভাগত বিভক্ত হৈ পৰিছিল।