কথা কবলৈকে সুবিধা নাপালে আৰু ৱিভূডভে নিজৰ সিদ্ধান্ত কাৰ্য্যকৰী কৰিবলৈ সুযোগ পালে। তেওঁ শাক্যসকলৰ ওপৰত আক্ৰমণ চলাই তেওঁলোেক সম্পূৰ্ণভাৱে পৰাস্ত কৰিলে। বশ্যতা স্বীকাৰ কৰা আৰু পলাই যোৱা সকলৰ বাহিৰে বাকী আটাইকে ৱিডুডভে বধ কৰিলে। লৰাছোৱালীহঁতো বাদ নগল। তাৰ পিচত সেই তেজেৰে নিজৰ আসন ধুৱালে।
শাক্যসকলক ধ্বংস কৰি ৱিভূডভ শ্ৰাৱন্তীলৈ উভতি গল আৰু অচিৰৱতী নৈৰ পাৰত বাহৰ পাতি সৈন্য সকলক জিৰণি লবলৈ দিলে। তেতিয়া ওচৰ কাষৰৰ অঞ্চলত অকালতে মেঘ আহি ধাৰাষাৰে বৰষুণ হবলৈ ধৰিলে। অচিৰৱতীত দোকোলটকা বানপানী আহিল আৰু বানপানীৰ কোবাল ঢৌত ৱিভূডভ আৰু তেওঁৰ সৈন্য-সামন্ত উটি গল।
ৱিভূডভৰ কাহিনীৰ পৰা স্পষ্টভাৱে জনা যায় যে মগধ দেশৰ নিচিনাকৈয়ে কোসল দেশতে একসত্তাত্মক শাসন প্ৰণালী ক্ৰমে সুদৃঢ় হৈ গৈছিল। ৱিভূডভে ৰাইজৰ প্ৰিয় ৰজা বাপেকৰ সিংহাসন অধিকাৰ কৰি ললে কিন্তু তথাপিও কোসলৰ ৰাইজে তাৰ বিৰুদ্ধে এষাৰ কথাও ফুটাই নকলে।
৫। ৱজ্জী— মহাজনসত্তাত্মক ৰাজ্যবোৰৰ ভিতৰত মাথোন তিনিখন ৰাজ্য স্বতন্ত্ৰ হৈ ৰল— এখন হল ৱজ্জীসকলৰ আৰু আন দুখন হল পাৱা আৰু কুশিনাৰাৰ মল্লসকলৰ। এই তিনিখন ৰাজ্যৰ ভিতৰত ৱজ্জীসকলৰ ৰাজ্য সবল আৰু সম্পন্ন আছিল কিন্তু সোনকালেই তাৰো লোপ হল। তথাপিও পুৱাৰ শুকতাৰ নিচিনা তেতিয়া এই ৰাজ্য খনেই জিলিকি আছিল। বুদ্ধভগৱানৰ এনে এখন মহাজনসত্তাত্মক ৰাজ্যতে জন্ম হৈছিল। কিন্তু শাক্যসকলৰ স্বাধীনতা আগতেই লোপ পাইছিল। ৱজ্জীসকলে নিজৰ একতা আৰু পৰাক্ৰমৰ বলেৰে বুদ্ধৰ