[৬]
কেবা গৰাকীও মনীষীয়ে নানা প্ৰকাৰৰ গৱেষণা চলাই বুদ্ধ-চৰিত্ৰ লিখিছে। মূল পালি বৌদ্ধ গ্ৰন্থ ‘ত্ৰিপিটক’ আৰু আন আন আধাৰ গ্ৰন্থৰ ভালদৰে দোহন কৰি তাৰে আলম লৈ কোনো ভাৰতীয় লেখকে ৰচনা কৰা চৰিত্ৰ-গ্ৰন্থ বোধহয় ধৰ্ম্মানন্দ কোসস্বীৰ এই বুদ্ধ-চৰিত্ৰই প্ৰথম। এই পুৰণি তথ্যবোৰৰ যিখিনি অংশ বুদ্ধিগ্ৰাহ্য, তেওঁ তাকেহে গ্ৰহণ কৰিছে। পৌৰাণিক চমৎকাৰ কাহিনী আৰু অসম্ভাৱ্য বস্তুৰ আটাইখিনিকে তেওঁ বাদ দিছে; আৰু যি লিখিহে তাৰ বাবে ঠায়ে ঠায়ে মূল প্ৰমাণো দি গৈছে। এইদৰে বৌদ্ধ-সাহিত্য আৰু জৈনসাহিত্যৰ পৰা সমসাময়িক সামাজিক, ধাৰ্ম্মিক আৰু ৰাজনৈতিক অৱস্থা সম্বন্ধে যিবোৰ তথ্য পাব পৰা যায়, সেই আটাইখিনিকে ভালদৰে বিবেচনা কৰি চাই এই পুথিত ভগৱান বুদ্ধৰ সমসাময়িক পৰিস্থিতি সম্বন্ধে নতুন পোহৰ যোগোৱা হৈছে।
বুদ্ধ ভগৱানৰ প্ৰতি অনন্য নিষ্ঠা থকা সত্বেও অসাধাৰণ সত্যনিষ্ঠাৰ কাৰণে ধৰ্ম্মানন্দজীয়ে নিৰ্ভয় ভাৱে নিজৰ বিবেচনাত সত্য বুলি ধাৰণা হোৱা কথাবোৰহে লিপিৱদ্ধ কৰিছে। তদুপৰি বহুজন কল্যাণৰ হকেই পুথি ৰচনা কৰাই হল তেওঁৰ আদৰ্শ। সেই বাবে ধৰ্ম্মানন্দজীয়ে এই চৰিত্ৰ আৰু তেওঁৰ আন আন পুথিতো তেলেই সাধাৰণ পাঠকে বুজিব পৰাকৈ অতি সৰল আৰু সহজ ভাষা ব্যৱহাৰ কৰিছে।
পালি ভাষাৰ ওপৰত তেওঁৰ এনে দখল আছিল আৰু তেওঁ ইয়াক এনে সৰলভাৱে লিখিছিল যে সি যেনিবা তেওঁৰ জন্ম-ভাষাহে আছিল। তেওঁ বৌদ্ধ গ্ৰন্থবোৰৰ ওপৰত লিখা পালি-টীকাবোৰতো সৰল কথাক জটিল, আৰু জটিল কথাক আৰু জটিল কৰি তোলাৰ বাবে নিজৰ বিদ্বত্তা প্ৰয়োগ কৰা নাই।
ভাৰতবৰ্ষৰ মানুহে ভগৱান বুদ্ধক পাহৰি গৈছে, তেওঁৰ কল্যাণময় ধৰ্ম্ম সম্বন্ধে পণ্ডিতসকলৰ ধাৰণাও বিকৃত হৈছে। তালৈ লক্ষ্য কৰি