আৰু তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ ৰজাক সম্মত কৰালে। অথচ এই শ্ৰমণ-সংঘৰ নেতাসকলৰ ভিতৰত বয়সৰ পৰা চাবলৈ গলে বুদ্ধই আটাইতকৈ সৰু আছিল আৰু এই সংঘ স্থাপন কৰাৰ বৰ বেচি দিন হোৱা নাছিল। তথাপি অজাতশত্ৰুৱে তেওঁৰ লগতে সাক্ষাৎ কৰিবলৈ স্থিৰ কৰিলে আৰু বুদ্ধ দৰ্শনৰ উদ্দেশ্যে সপৰিবাৰে জীৱকৰ আম্ৰবনলৈ গল।
অজাতশত্ৰুৱে নিজৰ বাপেকক বন্দী কৰি হত্যা কৰে আৰু নিজে ৰাজপাটত বহে। কিন্তু তেওঁৰ বাপেকে শ্ৰমণসকলৰ প্ৰতি যি সন্মান দেখুৱাইছিল তাৰ তেৱোঁ অলপো হানি হবলৈ নিদিলে। ৰজা বিম্বিসাৰৰ পিচত বুদ্ধভগৱান প্ৰায়ে ৰাজগৃহলৈ নগৈছিল। উল্লিখিত প্ৰসঙ্গ এটা অনুৰূপ। অজাতশত্ৰু ৰজা হোৱাৰ আগতে দেৱদত্তই তেওঁক নিজৰ ফলীয়া কৰি লৈ নীলগিৰি নামৰ এটা বলিয়া হাতী বুদ্ধ- ভগৱানৰ ওপৰত এৰি দিবলৈ হেনো ষড়যন্ত্ৰ কৰিছিল। এনে কিছুমান কথা ‘বিনয়পিটক’ত উল্লেখ কৰা হৈছে, কিন্তু সি কিমান দূৰ সঁচা, তাৰু নিৰ্ণয় কৰাটো টান। তথাপি দেৱদত্তই যে অজাতশত্ৰুৰ পৰা লাই পাইছিল সেই কথা সম্ভৱপৰ যেন লাগে, সেই বাবেই চাগৈ বুদ্ধভগৱানে ৰাজগৃহৰ পৰা আঁতৰি আঁতৰি চলিছিল। কিন্তু তেওঁ ৰাজগৃহত পদাৰ্পণ কৰিলেও তেওঁক দৰ্শন কৰাত অজাতশত্ৰুই অলপো দ্বিধা নকৰিলে। সেই সময়ত ৰাজগৃহৰ ওচৰে কাষৰে ডাঙৰ ডাঙৰ শ্ৰমণ- সংঘৰ ছজন নেতা আছিল। এই কথালৈ ভালদৰে লক্ষ্য কৰিলে বুজা যায় যে অজাতশত্ৰুৱে তেওঁৰ বাপেকতকৈও শ্ৰমণসকলক অধিক আদৰ-সৎকাৰ কৰিছিল। অকল সেয়ে নহয়, তেওঁৰ শাসন কালত মগধ দেশৰ পৰা যাগ-যজ্ঞ প্ৰায় লোপ পোৱাৰ উপক্ৰম হৈছিল আৰু লাহে লাহে শ্ৰমণ-সংঘৰ প্ৰভাৱ বাঢ়ি গৈছিল।
ৰাজগৃহ আছিল মগধৰ ৰাজধানী। এই ঠাই বিহাৰ ৰাজ্যৰ তিলয়া ষ্টেশ্যনৰপৰা ষোল মাইল দূৰৈত। ইয়াৰ চাৰিওপিনে পাহাৰে