“কিন্তু তেওঁলোকৰ প্ৰকৃতিৰ বিকাৰ হৈ গল। ব্ৰাহ্মণসকলৰো
ৰাজ-বৈভৱ, অলঙ্কৃত তিৰোতা, ভাল ঘোঁৰা থকা ৰথ, ভাল ঘৰ আদি
উপভোগ্য বস্তুৰ প্ৰতি লোভ হল। তেওঁলোকে মন্ত্ৰ ৰচনা কৰি ওক্কাক
ৰজাক যজ্ঞ কৰিবলৈ কলে। তেতিয়া ৰজাই অশ্বমেধ, পুৰুষমেধ,
ৰাজপেয় আদি যজ্ঞ কৰিলে।
“পিচলৈ গৈ ব্ৰাহ্মণসকল লোভৰ বশবৰ্ত্তী হৈ ওক্কাক ৰজাক গোমেধ
যজ্ঞ কৰিবলৈ বাধ্য কৰালে। ভেৰাৰ নিচিনাকৈয়ে বেচেৰী গাইৰ
শিঙত ধৰি নি ৰজাৰ যজ্ঞত মাৰি পেলোৱা হল। যেতিয়া গাইৰ
ওপৰত অস্ত্ৰপাত হল তেতিয়া দেৱতা, পিতৰ, ইন্দ্ৰ, অসুৰ আৰু ৰাক্ষস
আদি আটায়ে চিঞৰিবলৈ ধৰিলে, ‘অধৰ্ম্ম হৈ গল।'
প্ৰথমতে তিনিটা মাথোন ৰোগ আছিল-ইচ্ছা, ভোক, আৰু জৰা;
কিন্তু পশু-যজ্ঞ আৰম্ভ হোৱাৰ ফলত ৰোগৰ সংখ্যা আঠানব্বৈ হৈ গল...
“যত এনে কথা হয় ত’ত মানুহে যাজকৰ নিন্দা কৰে। এইদৰে
ধৰ্ম্মৰ বিপৰ্যাস হোৱা হেতুকে শূদ্ৰ আৰু ৱৈশ্য পৃথক পৃথক হৈ গল।
ক্ষত্ৰিয়ও ফালৰি কাটি গল; আৰু পত্নীয়ে পতিৰ অৱমাননা কৰিবলৈ
ধৰিলে। ক্ষত্ৰিয় আৰু ব্ৰাহ্মণৰ গোত্ৰ ৰক্ষা হৈছিল। (তেওঁলোকে
কুল-ধৰ্ম্ম অনুসৰি আচৰণ কৰিছিল); কিন্তু (পশু বধৰ পিচত) কুল-
প্ৰবাদৰ ভয় এৰি তেওঁলোক লোভবশ হৈ পৰিল।”
৪৮-৫০ (ভূমিকা) ইয়াৰ বিতং বিৱৰণ দিয়া হৈছে।
১৩০-১৭২ প্ৰায় আটাই কেইজন পছিমীয়া পণ্ডিতৰ মতে
(ভূমিকা......) 'ভগৱদগীতা'ৰ ব্ৰাহ্মী স্থিতি বা স্থিত প্ৰজ্ঞৰ বৰ্ণনামূলক
শ্লোক বৌদ্ধ গ্ৰন্থৰ আধাৰত ৰচনা কৰা হৈছে আৰু 'ব্ৰহ্মনিৰ্ৱাণমৃচ্ছতি’
এই অন্তিম শ্লোকৰ বাক্যৰ পৰা এই মত উচিত যেনো লাগে। ইয়াৰ
স্মৃতি-ৱিভ্ৰম, নিৰাহাৰ আদি শব্দৰ অৰ্থ বৌদ্ধ পৰিভাষা নাজানিলে
ঠিকমতে বুজিব নোৱাৰি।......
পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৯৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬২
ভগৱান বুদ্ধ