পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ৪
৩৫৯
 

পৰিৱাসৰ ৰাতিৰ সমানে আৰু ছ ৰাতি (অন্ততঃ অৰুণোদয়ৰ সময়খিনি) বিহাৰৰ বাহিৰত কটাব লাগে।
 ২৫৩-২৫৬ (২৬২) ‘শ্বপাকে’ নিজৰ বিষয়ে লিখা গাথাবোৰ ইয়াত বিস্তাৰিত ভাৱে দিয়া হৈছে।
 ১৭-১৯ (২৬৬) 'ভিক্ষুৰ প্ৰব্ৰজ্যা’ৰ বিধি বিতং ভাৱে দিয়া হৈছে।

বৰ্ষা-বাস (চাতুৰ্মাস্য)

 ২৪ (৩০৩) বাৰিষাৰ সময়ত ভিক্ষুসকলে ইফালে সিফালে ঘূৰি ফুৰোঁতে সেউজীয়া ঘাঁহ মহতিয়াই ফুৰিছিল। তাৰ ফলত সৰু সৰু কীট-পতঙ্গবোৰৰ প্ৰাণ নাশ হৈছিল; তাৰ বাবে মানুহ তেওঁলোকৰ আলোচনা সমালোচনা কৰিছিল। গতিকে ভগৱানে এই বুলি নিয়ম বান্ধি দিলে যে আহাৰ মাহৰ পূৰ্ণিমাৰ দিন প্ৰথম বৰ্ষা-বাস আৰম্ভ কৰিব লাগে। বৰ্ষা-বাস আৰম্ভ হলে ভিক্ষুসকল তিনি মাহলৈকে একে ঠাইতে থাকিব লাগে।
 ৩৪ (৩০৬) তেতিয়া ভগৱানৰ শৰীৰ ৰোগগ্ৰস্ত হৈছিল। জীৱকে এই কথা জানিব পাৰি তেওঁক বিৰেচন (ভেদৰ ঔষধ ) দি সুস্থ কৰিলে আৰু প্ৰদ্যোতে পঠোৱা কাপোৰ জোৰ ভগৱানকে সমৰ্পণ কৰিলে।

হিন্দী সংস্কৃতি আণি অহিংসা

 ১৭-১৯ (৬) ইন্দ্ৰ আৰু দাস সকলৰ সম্পৰ্কে কিছু বিতং আলোচনা কৰা হৈছে।
 ১৯-২০ (৮) 'ঋগ্বেদ'ৰ উল্লেখ এনে ধৰণৰ :
 ত্বাষ্ট্ৰস্য চিদ্বিশ্বৰূপস্য গোনামা চক্ৰাণস্ত্ৰীণি শীৰ্ষা পৰা ৱৰ্ক (ঋগ্বেদ, ১০-৮-৮৯)।