শুনা বা পৰিশঙ্কিত দোষৰ প্ৰৱাৰণা কৰিব লাগে। সেযে তোমালোকৰ
কাৰণে উচিত হব। এই প্ৰৱাৰণ এনে ধৰণৰ—সমৰ্থ ভিক্ষুই সংঘক
জনাব লাগে, ‘ভদন্ত সংঘই মোৰ কথালৈ ধ্যান দিয়ক। আজি প্ৰৱাৰণাৰ
দিন। সংঘই উচিত বুলি বিবেচনা কৰিলে আজি প্ৰৱাৰণা কৰিব
পাৰে।' তাৰ পিচত আটাইতকৈ বৃদ্ধ ভিক্ষুই এখন কানত উত্তৰাসঙ্গ
ৰাখি আঠু লৈ বহিব লাগে আৰু কব লাগে, ‘আয়ুষ্মান সংঘই
মোৰ যি দোষ দেখিছে, শুনিছে বা শঙ্কা কৰিছে, তাক দেখুৱাই
দিবলৈ মই মিনতি (প্ৰৱাৰণা) কৰো। মোৰ ওপৰত অনুকম্পা কৰি
সংঘই মোক সেই দোষবোৰ আঙুলিয়াই দিয়ক, যদি মই সি উচিত বুলি
বুজিব পাৰোঁ তেন্তে মই তাৰ যথোচিত প্ৰায়শ্চিত্ত কৰিম।' তেওঁ
এনেদৰে তিনিবাৰ কব। তৰুণ ভিক্ষুই ‘আয়ুষ্মান সংঘ’ৰ ঠাইত ‘ভদন্ত
সংঘ’ কব লাগে। সেই সময়ত কোনোবাই কাৰোবাৰ কিবা দোষ
দেখুৱাই দিলে, তাক তেওঁ পোনপটীয়া ভাৱে স্বীকাৰ কৰিব লাগে আৰু
সংঘৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব লাগে। এইদৰে বাৰিষা শেষ হোৱাৰ
লগে লগে সংঘত একতা স্থাপন কৰিব লাগে।”
৫২-৫৩ (১৬৬) ভগৱানে কলে, যেতিয়ালৈকে সংঘ স্থাপন কৰাৰ বৰ
বেচি সময নহয়, সংঘৰ বিস্তাৰ বৰ অধিক নহয়, সংঘৰ লাভ অধিক নহয়,
সংঘৰ পাণ্ডিত্যৰ প্ৰসাৰ নহয়, তেতিয়ালৈকে তাত পাপ-ধৰ্ম্ম প্ৰৱেশ
নকৰে। এই সময়ত সংঘ পাপ-ধৰ্ম্মৰ পৰা মুক্ত থাকে।
মানত্ত (সংঘৰ সন্তোষ)
৪৭ (১৬৬) এইদৰে পৰিৱাস সমাপ্ত হোৱাৰ পিচত ভিক্ষুৰে পৰিৱাস পূৰ্ণ হোৱাৰ কথা সংঘক জনাব লাগে। তাৰ পিচত সংঘই তেওঁক ছ ৰাতিৰ মানত্ত দিয়ে—অৰ্থাৎ তেনে ভিক্ষুৱে সংঘক সন্তুষ্ট কৰিবলৈ