সমৰ্পণ কৰিলে। সেই ভিক্ষা গ্ৰহণ কৰি সেই নিশা বোধিসত্ত্বৰ বুদ্ধত্ব
প্ৰাপ্তি হয়।
৭-৮ (১৪৫) ইয়াৰে বিতং বৰ্ণনা দিয়া হৈছে।
৯৭ (১৫৫) ইয়াৰ কথাই উল্লেখ কৰা হৈছে।
সংঘ সামগ্ৰী
৩৭-৪৩ (১৬২) ভগৱান বুদ্ধক এই কথা কোৱাত তেওঁ কলে, "এনে
প্ৰসঙ্গত সংঘ-সামগ্ৰী কৰিব লাগে। এই সংঘ-সামগ্ৰী এনে ধৰণৰ—
সকলো একেলগে গোট খাব লাগে। কোনো ভিক্ষুৰ অসুখ হলেও
উপস্থিত থাকিব লাগে। তেতিয়া সমৰ্থ ই ভিক্ষু-সংঘক এইদৰে জনাব
লাগে, 'ভদন্ত, সংঘই মোৰ কথালৈ ধ্যান দিব লাগে। যি কথা লৈ
সংঘত কাঁজিয়া লাগিছে, সেই কথা এই ভিক্ষুই স্বীকাৰ কৰিছে। তেওঁ
নিজৰ দোষৰ প্ৰায়শ্চিত্ত কৰিছে। সংঘই উচিত বুলি বিৱেচনা কৰিলে
এই কথাৰ ইয়াতে ওৰ পেলাই সংঘ-সামগ্ৰী কৰিব পাৰে।' এইটো হল
জাননি। ইয়াৰ পিচত সেই কথা তিনিবাৰ প্ৰকাশ কৰাৰ পিচত কোনেও
যদি আপত্তি নেতোলে, তেন্তে বুজিব লাগিব যে সংঘ-সামগ্ৰী হৈ গল।”
উপালিয়ে সুধিলে, “সংঘ-সামগ্ৰী কেই প্ৰকাৰৰ হব পাৰে?”
তেতিয়া ভগৱানে কলে, “সংঘ-সামগ্ৰী দুই প্ৰকাৰৰ—অৰ্থবিযুক্ত আৰু
অৰ্থযুক্ত। যি কথা লৈ কাঁজিয়া হয়, তাৰ মূল কাৰণ বিচাৰি নোচোৱাকৈয়ে
সামগ্ৰী কৰিলে সি হয় অৰ্থবিযুক্ত; কিন্তু যি কথা লৈ কাঁজিয়া হয়, তাৰ
মূল কাৰণ বিচাৰি চাই সামগ্ৰী কৰিলে তাক অৰ্থযুক্ত বুলি বুজিব লাগে।”
প্ৰৱাৰণা
২৪-২৬ (১৬৬) তেতিয়া ভগৱানে কলে, “হে ভিক্ষুসকল, আন আন পৰিব্ৰাজকৰ নিচিনাকৈ মূক ব্ৰত লব নালাগে, ৰাৰিষা শেষ হলে দেখা,