পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫২
ভগৱান বুদ্ধ
 

কৰি লৈছে, তেওঁলোকেও বাৰে বাৰে প্ৰত্যৱেক্ষণ কৰিয়ে তাক পৰিশুদ্ধ কৰি লব পাৰিছে। গতিকে হে ৰাহুল, বাৰে বাৰে প্ৰত্যৱেক্ষণ কৰি কায়িক, বাচসিক আৰু মানসিক কামক পৰিশুদ্ধ কৰিবলৈ শিকা।” ভগৱানে এই বুলি কলে। আয়ুষ্মান ৰাহুলে মুদিত মনেৰে ভগৱানৰ ভাষণক অভিনন্দন কৰিলে।

 এই সাতোটা সুত্তৰ ভিতৰত ‘সুত্ত নিপাত'ত থকা তিনিটা সুত্ত- ‘মুনিগাথা’, ‘নালক সুত্ত’ আৰু ‘সাৰিয় সুত্ত’ পদ্যত লিখা আৰু বাকী চাৰিটা হল গদ্যত লিখা। গদ্য সুত্তত বৰ বেচি পুনৰুক্তি পোৱা যায়। সেই সময়ৰ সাহিত্যৰে এইটো পদ্ধতি আছিল বুলি ধৰিব লাগিব, কিয়নো জৈনসকলৰ সূত্ৰ আৰু কিছুমান ঠাইত উপনিষদ সমূহতো এনে ধৰণৰ পুনৰুক্তি পোৱা যায়। কিন্তু এই ত্ৰিপিটকত ইয়াৰ মাত্ৰা ইমান অধিক যে নতুন সুত্ত পাঠ কৰাৰ সময়ত পাঠকৰ এনে ধাৰণা হয় যে ইও আগৰ নিচিনাই হব আৰু এইদৰে তেনে পুনৰুক্তিৰ কিছুমান নতুন কথাৰ প্ৰতি পাঠকৰ দৃষ্টিযে নপৰে। উদাহৰণৰ বাবে, ৰাহুলোৱাদ সুত্ত’ত কায়িক, বাচসিক আৰু মানসিক কৰ্ম্মৰ প্ৰত্যৱক্ষণ সম্বন্ধে বাৰে বাৰে কোৱা হৈছে। কিন্তু কায়িক আৰু বাচসিক অকুশল কৰ্ম্ম সম্বন্ধে এই বুলি কোৱা হৈছে যে তাৰ আচৰণ কৰিলে শান্তা বা বিদ্বান স- ব্ৰহ্মচাৰীৰ ওচৰলৈ গৈ তাৰ আৱিষ্কাৰ কৰিব লাগে আৰু ভৱিষ্যতলৈ তেনে কাম হবলৈ দিব নালাগে। মানসিক অকুশল কৰ্ম্মৰ ক্ষেত্ৰত হলে সি প্ৰযোজ্য নহয়, কিযনো কিয়নো 'ৱিনয়পিটক’ত কায়িক আৰু বাচসিক দোষৰ বাবে আৱিষ্কাৰ আদি (পাপ স্বীকাৰ আদি) প্ৰায়শ্চিত্তৰ বিধান দিয়া হৈছে। মনোদোষৰ কাৰণে তেনে কোনো বিধান দিয়া হোৱা নাই। তাৰ প্ৰায়শ্চিত্ত হল এয়ে যে তাৰ কাৰণে অনুতাপ কৰিব লাগে, লজ্জা পাব লাগে আৰু তেনে অকুশল বিচাৰক আৰু মনত ঠাই দিব নালাগে। 'ৰাহুলোৱাদ সুত্ত’ ওপৰে ওপৰে পঢ়ি গলে কায়িক আৰু