পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ৩
৩৪৯
 

চিত্ত, সময়ে সময়ে সদ্ধৰ্ম্মৰ চিন্তা কৰা, একাগ্ৰচিত্ত ভিক্ষুৱে অন্ধকাৰ নাশ কৰিব পাৰিব, এইদৰে ভগৱানে কৈছে।২১

ৰাহুলোবাদ সুত্ত্ব

 ইয়াক ‘চুল ৰাহুলোৱাদ’ আৰু ‘অম্বলটঠিক ৰাহুলোৱাদো' বোলা হয়। ইয়াক ‘মঝ্জিম নিকায়’ত পোৱা যায়। ইয়াৰ সাৰাংশ হল এই—

 এবাৰ বুদ্ধ ভগৱান ৰাজগৃহৰ ওচৰৰ বেণুবনত আছিল আৰু ৰাহুল আছিল অম্বলটঠিকা[৬] নামৰ এখন ঠাইত। এদিন সন্ধিয়া ধ্যান-সমাধি সমাপ্ত কৰি ভগৱান ৰাহুল থকা ঠাইলৈ গল। দুৰৈৰ পৰা ভগৱান যোৱা দেখা পাই ৰাহুলে আসন পাতিলে আৰু ভৰি ধুবলৈ পানী থৈ দিলে। ভগৱান উপস্থিত হলগৈ আৰু তাতে বহি ভৰি ধুলে। ভগৱানক নমস্কাৰ কৰি ৰাহুলো এফালে বহি পৰিল।

 ভগৱানে ভৰি ধোৱা পাত্ৰত অলপ পানী এৰিলে আৰু ৰাহুলক সুধিলে, “ৰাহুল, তুমি সেই অলপমান পানী দেখা পাইছানে?”

 ৰাহুলে উত্তৰ দিলে, ‘হয়, দেখিছোঁ ভদন্ত।”

 “ৰাহুল, যাৰ মিছা কোৱাত লাজ নালাগে, তাৰ শ্ৰামণ্য এই পানীখিনিৰ নিচিনাকৈয়ে ত্যাগ কৰিব লাগে।”

 তাৰ পিচত পাত্ৰ উবুৰি কৰি থৈ ভগৱানে কলে, “ৰাহুল, যাৰ মিছা- কোৱাত লাজ নালাগে তাৰ শ্ৰামণ্য এই পাত্ৰৰ নিচিনাই উবুৰি বুলি বুজিব লাগে।”

 তাৰ পিচত আকৌ পাত্ৰটো ওপৰমুৱা কৰি থৈ ভগৱানে কলে, “ৰাহুল, তুমি এই শুদা পাত্ৰটো দেখা পাইছানে?”


(৬) 'অটঠ কথা'ৰ মতে ইয়াত এটা প্ৰাসাদ আছিল, কিন্তু সি সম্ভৱ যেন নালাগে। বোধ হয় ই ৰাজগৃহৰ ওচৰৰ এখন গাওঁ আছিল।