পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৮
ভগৱান বুদ্ধ
 

 তেওঁ ক্ৰোধ আৰু অভিমানৰ বশবৰ্ত্তী হব নালাগে, তাক সমূলে উঘালি পেলাই আৰু নিশ্চিত ভাৱে বুদ্ধিমাৰ্গগামী কৰি তুলি প্ৰিয়াপ্ৰিয় সহ্য কৰা উচিত।১৪

 কল্যাণপ্ৰিয় মানুহে প্ৰজ্ঞাক মহত্ত্ব দি সেই বিঘ্নিবোৰ সহ্য কৰিব লাগে, একান্ত-বাসত অসন্তোষ বুলি ধাৰণা হলে তাকো সহিব লাগে আৰু চাৰিবিধ শোকপ্ৰদ কথা সহ্য কৰিব লাগে।১৫

 (সিনো কি কি?) মই আজি কি খাওঁ আৰু ক’ত খাম? যোৱা নিশা টোপনি নোহোৱাত কষ্ট হৈছে, আজি ক’ত শুম? অনাগৰিক শৈক্ষ্যই এই (চাৰিটা) বিতৰ্ক ত্যাগ কৰা উচিত।১৬

 সময়ে সময়ে অন্ন বস্ত্ৰ পালে তেওঁ তাৰ অনুপাত ৰখা উচিত, অল্প- সন্তুষ্ট হোৱা উচিত। আৰু মানুহৰ খং উঠি কিবা কাম কৰিলেও সেইবোৰ পদাৰ্থৰ পৰা মনক ৰক্ষা কৰোতা আৰু গাৱঁত সংযমেৰে থকা ভিক্ষুৱে কঠোৰ বচন বোলা উচিত নহয়।১৭

 তেওঁ নিজৰ দৃষ্টি ভৰিত ৰাখিব লাগে, চঞ্চল ভাৱে খোজ কাঢ়িব নালাগে, ধ্যানৰত আৰু জাগ্ৰত থাকিব লাগে, উপেক্ষাক অৱলম্বন কৰি চিত্তক একাগ্ৰ কৰিব লাগে, তৰ্ক আৰু চাঞ্চল্য নাশ কৰিব লাগে।১৮

 সেই স্মৃতিমানে নিজৰ দোষ দেখুৱাই দিওঁতাক অভিনন্দন কৰিব লাগে, সদ্ ব্ৰহ্মচাৰীৰ প্ৰতি কঠোৰতা ৰখা অনুচিত, প্ৰসঙ্গ অনুসৰি ভাল শব্দ কব লাগে, মানুহৰ বাদ-বিবাদত যাবলৈ ইচ্ছা ৰাখিব নালাগে।১১

 তাৰ পিচত স্মৃতিমানে জগতৰ পাঁচোটা ৰজ ত্যাগ কৰিবলৈ শিকা উচিত। (অৰ্থাৎ) ৰূপ, শব্দ, গন্ধ, ৰস আৰু স্পৰ্শ (এই পাঁচোটা ৰজৰ প্ৰতি) তেওঁ লোভ ৰাখিব নালাগে।২০

 এই পদাৰ্থবোৰৰ ইচ্ছা ত্যাগ কৰিলে তেনে স্মৃতিমান, সুবিমুক্ত