সি দুষ্কৰ আৰু দুৰভিসন্তৱ, তথাপি মই তোমাক কওঁ, তুমি সতৰ্ক হৈ আচৰণ কৰা, দৃঢ় হোৱা।৩
গাৱঁত তোমাৰ কোনোবাই নিন্দাই কৰক বা প্ৰশংসাই কৰক সকলোৰে প্ৰতি সমান ভাব ৰাখিবা, ক্ৰোধক মনত ঠাইকে নিদিবা আৰু শান্ত আৰু নিৰভিমানী হবা।৪
জ্বলি থকা বনৰ জুইৰ নিচিনাকৈ গাৱঁত তিৰোতাসকল ঘূৰি ফুৰে। তেওঁলোকে মুনিসকলক মোহিত কৰে। যাতে তোমাক তেওঁলোকে মোহত পেলাব নোৱাৰে তাৰ বাবে সাৱধান হৈ চলিবা।৫
সৰু বৰ কামোপভোগ এৰি স্ত্ৰী-সঙ্গৰ পৰা বিৰত থাকিবা। স্থিৰ- চৰ প্ৰাণীসকলৰ প্ৰতি বিৰোধ আৰু আসক্তি ত্যাগ কৰিবা।৬
নিজৰ উদাহৰণৰ পৰাই জানি লবা যে মই যেনে সিহঁতো তেনে আৰু সিহঁত যেনে ময়ো তেনে। আৰু কাকো নামাৰিবা বা নমৰাবা।৭
যি ইচ্ছা আৰু লোত সাধাৰণ মানুহ বদ্ধ হৈ পৰে, সেই ইচ্ছা আৰু লোভ ত্যাগ কৰি চক্ষুষ্মন্ত লোকে এই নৰক পাৰ লৈ আন পাৰলৈ যায়।৮
পেট ভৰাই বৰ বেচিকৈ নাখাবা, মিতাহাৰী, অল্পেচ্ছা আৰু আলোলুপ হোৱা। ইচ্ছা ছেদ কৰি তৃপ্ত হোৱা, ইচ্ছাহীন লোকেই শান্ত হয়।৯
মুনিয়ে ভিক্ষাটন কৰি বনলৈ যাব লাগে আৰু তালৈ গৈ গছৰ তলত আসন পাতি বাহিব লাগে।১০
সেই ধ্যানৰত ধীৰ পুৰুষে বনতে আনন্দ পাব লাগে। তেওঁ গছৰ তলত বহি মনক সন্তোষ দি ধ্যান কৰিব লাগে।১১
তাৰ পিচত ৰাতি শেষ হলে তেওঁ গাৱঁলৈ যাব লাগে। তাত পোৱা আমন্ত্ৰণ বা উপহাৰত তেওঁ উল্লসিত হব নালাগে।১২