পত্নীৰ পালন পোষণ কৰা গৃহস্থ আৰু নিৰ্ম্মম মুনি এই দুজনাৰ আচাৰ ব্যৱহাৰ বৃত্তি ভালেখিনি বিভিন্ন ধৰণৰ, কিয়নো প্ৰাণীহত্যা হবলৈ নিদিয়া বিষয়ত গৃহস্থসকলে সংযম পালন নকৰে, কিন্তু মুনিয়ে হলে সততে প্ৰাণীক ৰক্ষা কৰে।
যিদৰে আকাশেৰে উৰি যোৱা নীলগ্ৰীৱ ম'ৰা হাঁহৰ বেগেৰে যাৰ নোৱাৰে, সেইদৰে গৃহস্থই অকলশৰীয়া ভাৱে বনত ধ্যান কৰা ভিক্ষু মুনিৰ অনুকৰণ কৰিব নোৱাৰে।
মোনেয়্যসুত্ত—ইয়াক ‘নালকসুত্ত’ নামেৰে ‘সুত্তনিপাত’ত পোৱা যায়। ইয়াৰ প্ৰাস্তাৱিক গাথা হল ২০টা। তাৰ ভাঙনি ইয়াত দিয়া নহল। কৌতুহলী বন্ধুসকলে ‘বিবিধ জ্ঞান বিস্তাৰ’ ( মাৰাঠী পত্ৰিকা)ৰ ১৯৩৭ চনৰ জুন সংখ্যা পঢ়ি চাব পাৰে। তাতে এই সুত্তৰ প্ৰাস্তাৱিক গাথাৰে সৈতে ভাঙনি দিয়া হৈছে। নালক অসিত ঋবিৰ ভাগিনীয়েক আছিল। বোধিসত্ত্বৰ, জন্মৰ সময়ত তেওঁৰ বয়স কম আছিল। অসিত ঋষিয়ে বোধিসত্ত্ব সম্বন্ধে এই বুলি ভৱিষ্যৎ-বাণী কৰিছিল যে তেওঁ এদিন মহান মুনি হব; আৰু তেওঁ নালকক গৌতম বুদ্ধৰ ধৰ্ম্ম অনুসৰণ কৰিবলৈকো উপদেশ দিছিল। নালকে মোমায়েকৰ কথাৰ প্ৰতি শ্ৰদ্ধা ৰাখি গৌতম বোধিসত্ত্ব বুদ্ধ হোৱালৈকে তপস্বী হৈ থাকে আৰু পিচত গৌতম বুদ্ধ পদ প্ৰাপ্তি হলত নালক বুদ্ধৰ ওচৰলৈ যায় আৰু তেওঁ মৌনেয় সম্বন্ধে প্ৰশ্ন সোধে। এই প্ৰশ্নৰে এই সুত্তৰ আৰম্ভ হয়।
মই জানিছিলোঁ যে অসিতৰ এই কথা (তুমি শ্ৰেষ্ঠ মুনি হবা) যথাৰ্থ, গতিকে সকলো বস্তুজাততকৈ শ্ৰেষ্ঠ গৌতমক মই প্ৰশ্ন কৰোঁ।১
হে মুনি, মই সোধোঁ যে গৃহত্যাগ কৰি ভিক্ষাৰ ওপৰত ৰ্নিৰ্ব্বাহ কৰি চলোতাৰ কাৰণে উত্তমপদ মৌনেয় কি? তুমি মোক কোৱা।২
ভগৱানে কলে, মৌনেয় কি তাক মই তোমাৰ আগত কওঁ শুনা।