পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ৩
৩৪১
 

সাক্ষাৎ হোৱা নাই, তাৰ লগত সাক্ষাৎকাৰৰ কাৰণে অপ্ৰমত্তভাৱে, উদ্যমশীলতাৰে আৰু মনোযোগেৰে কাম কৰিবলৈ যথেষ্ট।

 মুনিগাথা—এই সুত্ত 'সুত্তনিপাত'ত মুনি-সুত্ত নামেৰে দিয়া হৈছে। ইয়াৰ ভাঙনি হল এই—

 স্নেহৰ পৰা ভয় উৎপন্ন হয় আৰু ঘৰৰ পৰা মলি জন্মে। পতিকে অনাগৰিকতা আৰু নিঃস্নেহতাকে মুনিৰ দৰ্শন বুলি জানিব লাগে।১

 যি ব্যক্তিয়ে উদ্ভুত মনোদোষৰ উচ্ছেদ কৰি তাক আৰু বাঢ়িবলৈ নিদিযে নিদিয়ে আৰু তাৰ প্ৰতি স্নেহ নাৰাখে, তেনে অকলশৰীয়াভাৱে থকা লোককে মুনি বোলা হয়। তেনে মহৰ্ষিয়ে শান্তিপদ দেখিবলৈ পাইছে।২

 পদাৰ্থবোৰ আৰু সিহঁতৰ বীজৰ কথা জানি লৈ যি তাত স্নেহ (জীপ) নিদিযে, তেৱেই সঁচাকৈয়ে জন্মক্ষযান্তদৰ্শী মুনি। তেওঁ তৰ্ক এৰি নামাভিধান (জন্ম) নাপাযনাপায়।৩

 যি সকলে অভিনিৱেশ জানে আৰু তাৰ এটাৰো প্ৰতি ইচ্ছা নাৰাখে তেনে বীততৃষ্ণ নিৰ্লোভী মুনি অস্থিৰ নহয়, কিয়নো তেওঁ আন পাৰলৈ গুচি যায়।৪

 যি সকলোকে জয জয় কৰে, সকলোকে জানে, যি সুবুদ্ধিসম্পন্ন, সকলো পদাৰ্থৰে পৰা অলিপ্ত থাকে, যি সৰ্ব্বত্যাগী আৰু তৃষ্ণাৰ ক্ষষৰ পৰা মুক্ত হব পাৰে, তেওঁকে বিজ্ঞসকলে মুনি বোলে।৫

 প্ৰজ্ঞাই যাৰ বল, যি শীল আৰু ব্ৰতৰ দ্বাৰা সম্পন্ন, সমাহিত, ধ্যানৰত, স্মৃতিমান, সঙ্গৰ পৰা মুক্ত, কাঠিণ্যৰহিত আৰু অনাশ্ৰয়, তেওঁকে বিজ্ঞ মানুহে মুনি বোলে।৬

 যি অকলশৰে থাকে, যি অপ্ৰমত্ত, মুনি, নিন্দা আৰু স্তুতিত বিচলিত


 (২) পালি শব্দ হল ‘পষায়'। টীকাকাৰে তাৰ অৰ্থ কৰিছে ‘হিংসিত্বা ৰদিত্বা'। কিন্তু প্ৰ পুৰ্ব্বক মা ধাতুৰ অৰ্থ হয় জোখা আঁতিগুৰি জনা।