পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪০
ভগৱান বুদ্ধ
 

যাতে, আনকি দুৰ্ভিক্ষ হলেও সুখেৰে থাকিব পাৰোঁ। এই তৃতীয় অনাগত ভয়—দৃষ্টি থকা ভিক্ষুৰ কাৰণে মন দি আচৰণ কৰিবলৈ যথেষ্ট।

 তদুপৰি, ভিক্ষুসকল, ভিক্ষুৱে এইদৰেও চিন্তা কৰে আজি মানুহে নিবিষ্ট মনেৰে, কাঁজিয়া-পেচাল নকৰাকৈ, গাখীৰ আৰু পানীৰ নিচিনা- কৈ প্ৰীতিৰ ভাৱেৰে পৰস্পৰৰ প্ৰতি প্ৰেমদৃষ্টি ৰাখি চলি আছে। কিন্তু এনে এদিনো আহিব পাৰে যেতিয়া ভযানক ভয়ানক বিদ্ৰোহ এটা লাগি যায়। তেতিয়া মানুহে নিজৰ টালি-টোপোলা লৈ যান-বাহনেৰে বা খোজকাঢ়ি যলৈকে তলৈকে পলাবলৈ ধৰে। এনেকুৱা সময়ত মানুহ সুৰক্ষিত ঠাইত গোট খায়গৈ। কিন্তু তাত বৰ ভিৰ হয়। তেনে ঠাইত বুদ্ধৰ ধৰ্ম্মৰ মনন কৰা সহজসাধ্য নহয়, অৰণ্যত অকলে থকাটো সহজসাধ্য নহয়, তেনে অনিষ্ট অপ্ৰিয় পৰিস্থিতি হোৱাৰ আগতে চেষ্টা কৰাটো ভাল কথা। যাতে, আনকি তেনে সংকটতো সুখেৰে থাকিব পাৰি। এই চতুৰ্থ অনাগত ভয়—দৃষ্টি থকা ভিক্ষুৰ কাৰণে মনোযোগেৰে আচৰণ কৰিবলৈ যথেষ্ট।

 তদুপৰি ভিক্ষুকল, এইদৰেও ভাবিব লাগে যে আজি সংঘ সামগ্ৰিক, সমুদিত, কোনো কাঁজিয়া-পেচাল নোহোৱাকৈ এক আদৰ্শ লৈ চলি আছে, কিন্তু কাইলৈ এনে অৱস্থাও আহিব পাৰে যে সংঘত ভেদাভেদৰ সৃষ্টি হৈছে। সংঘত ভেদাভেদৰ সৃষ্টি হলে বুদ্ধৰ ধৰ্ম্মৰ মনন কৰা সহজসাধ্য নহয়, অৰণ্যত অকলশৰে থকা সহজসাধ্য। নহয়, এই অনিষ্ট, অপ্ৰিয অপ্ৰিয় পৰিস্থিতি হোৱাৰ আগতে—চেষ্টা কৰাটো ভাল। যাতে আনকি প্ৰতিকুল পৰিস্থিতিতো সুখেৰে থাকিব পাৰোঁ। এই পঞ্চম অনাগত ভয়-দৃষ্টি থকা ভিক্ষুৰ কাৰণে মন দি আচৰণ কৰিবলৈ যথেষ্ট।

 ভিক্ষুসকল, দৃষ্টি থকা ভিক্ষুৰ কাৰণে এই পাঁচোটা অনাগত ভয় নোপোৱা পদ পোৱাৰ কাৰণে, নানা কথা জনাৰ কাৰণে, যাৰ লগত