পৰিশিষ্ট ৩
অশোকৰ ভাবৰূ শিলালিপি আৰু তাৰ নিৰ্দ্দিষ্ট সুত্ৰ
ভাবৰূ হল জয়পুৰ ৰাজ্যৰ পাহৰুৱা অঞ্চলৰ এখন ঠাই। তাত থকা ভিক্ষু-সংঘই অশোক ৰজাৰ পৰা সন্দেশ বিচৰাত বোধ হয় অশোকে এই সন্দেশ পঠাই দিছিল আৰু তাকে শিলত খোদিত কৰাই লোৱা হৈছিল। অশোকে বোধ হয় প্ৰায়েই এনে ধৰণৰ সন্দেশ পঠাইছিল; কিন্তু তাৰ ভিতৰত যিবোৰ তেওঁ গুৰুত্বপূৰ্ণ বুলি ভাবিছিল তাকেহে শিলাখণ্ড বা শিলৰ স্তম্ভত খোদিত কৰাই দিছিল। অশোকে চাগৈ মৌখিক বা লিখিতভাৱে এই বুলিও সন্দেশ পঠাইছিল যে এই শিলা- লিপিৰ নিৰ্দ্দিষ্ট সুত্ৰবোৰ মগধদেশৰ বৌদ্ধসকলে পঢ়ি চোৱা উচিত। কিন্তু তাক হলে তেওঁ খোদিত কৰি দিয়া নাছিল, কিয়নো ওচৰ কাষৰৰ মানুহে কি কৰে বা কি পঢ়ে সেই সম্বন্ধে তেওঁ চাগৈ সদায় বা-বতৰা পাইছিল। তাৰ কাৰণে তেওঁ বিশেষ অধিকাৰী নিযুক্ত কৰিছিল কিন্তু ৰাজপুতানাৰ নিচিনা দূৰণিবটীয়া ঠাইৰ পৰা বাতৰি গৈ পাওঁতে পলম হয়, গতিকে তাত এনেধৰণৰ এটা শিলা-লিপি থকাটো উচিত হব বুলি অশোকে বিবেচনা কৰিছিল। মই নিজে বুজা মতে ইয়াতে এই শিলা- লিপিৰ ভাঙনি কৰি দিলোঁ।
ভাৱৰূ শিলালিপিৰ ভাঙনি
“প্ৰিয়দৰ্শী মগধ ৰজাই সংঘৰ অভিবাদন কৰি সংঘৰ স্বাস্থ্য আৰু সুখ নিৰাসৰ কথা জানিবলৈ বিচাৰে। ভদন্ত, আপোনালোকে জানেই যে বুদ্ধ, ধৰ্ম্ম আৰু সংঘৰ প্ৰতি মোৰ কিমান আদৰ আৰু ভক্তি আছে। ভগৱান বুদ্ধৰ সকলোবোৰ বচনেই সুভাষিত। কিন্তু, ভদন্ত মই ইয়াত