পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৪
ভগৱান বুদ্ধ
 

সোনকালেই মল্লসকলৰ গণৰাজ্যও নষ্ট হল। এইদৰে প্ৰাচীন গণসত্ত্বাত্মক ৰাজ্যবোৰ লোপ পালে আৰু বৌদ্ধ সাহিত্যত মাথোন সেই ৰাজ্যবোৰৰ সংগঠন আৰু বিধান সম্বন্ধে সাধাৰণ তথ্যাদিহে থাকি গল।

 ৱিনয পিটক’ত বৌদ্ধ-সংঘ গোট খাই সংঘৰ কাম কৰাৰ প্ৰণালী বৰ্ণনা কৰা হৈছে, তাৰ পৰা অনুমান কৰিব পৰা যায় যে ৱজ্জী আদি গণৰজাসকল কিদৰে সমবেত হৈছিল আৰু নিজৰ কাম কিদৰে পৰিচালিত কৰিছিল।