পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩০
ভগৱান বুদ্ধ
 


 (১) বাৰে বাৰে একত্ৰিত হয়—কালিও গোট খাইছিলোঁ। পৰহীও গোটখোৱা হৈছিল, গতিকে আজি আকৌ কিয সভা পাতিব লগা হল এই বুলি নকৈ বাৰে বাৰে গোট খায়। যদি তেওঁলোক এনেদৰে একত্ৰিত নহয়, তেন্তে চাৰিওপিনৰ পৰা অহা বা-বাতৰিবোৰ তেওঁলোকে জানিব নোৱাৰিব। অমুক গাওঁ বা নগৰৰ সীমা লৈ বিবাদ লাগিছে বা চোৰে উৎপাত কৰিছে আদি বাতৰিৰ প্ৰতি তেওঁলোকৰ ধ্যান নাযাব। শাসক সকলৰ অসাৱধানতাৰ কথা জানিব পাৰি চোৰহঁতেও লোটপোট আৰম্ভ কৰি দিব। ইয়াৰ ফলত শাসকসকলৰ অৱনতি হয়। বাৰে বাৰে গোট খোৱাৰ ফলত সকলো বা-বাতৰি ততালিকে জনা যায় আৰু সেনা পঠাই তাৰ উচিত প্ৰতিকাৰ কৰিব পৰা যায়। শাসক সকলৰ সতৰ্কতাৰ কথা জানিব পাৰিলে চোৰহঁতো দল বান্ধি নাথাকে, দল ভাঙি পলাই যায়। এইদৰে শাসকসকলৰ উন্নতি হয়।

 (২) সকলো একত্ৰ হয় আদি—আজি কিবা কাম ওলাইছে, বা মঙ্গল কাৰ্য্য আছে বুলি কোনেও মূৰ পিলিকা নিদি একত্ৰ হোৱাৰ বাবে দবাৰ কোব শুনাৰ লগে লগে আটায়ে গৈ গোট খায়। এইদৰে গোট খোৱাৰ পিচত যদি ভালদৰে আলোচনা কৰি সকলো কাম সম্পূৰ্ণ নকৰাকৈ উঠি যায় তেন্তে তাক ‘সামুহিক (সামগ্ৰিক) ভাৱে উঠা” বুলি কব নোৱাৰি। তাকে নকৰি তেওঁলোকে সকলো কাম সম্পূৰ্ণ কৰি একেলগে উঠে, সামগ্ৰিক ভাৱে নিজৰ কাম কৰে অৰ্থাৎ কোনো ৰজাৰ কিবা কাম থাকিলে, আন বাকীবোৰ ৰজাই তেওঁক সহায় কৰে অথবা আন কোনো ৰাজ্যৰ পৰা কোনো আলহী অতিথি আহিলে তেওঁৰ আদৰ সৎকাৰ কৰিবলৈ আটায়ে গোট খায়।

 (৩) নকৰা বিধান আদি—অৰ্থাৎ ইতিপূৰ্ব্বে নিৰ্দ্ধাৰিত নকৰা কোনো খাজনা বা কৰ আদায় নকৰে। প্ৰথমতে ধাৰ্য্য কৰি লোৱা কৰহে আদায় কৰে। ৰচিত আইন ভঙ্গ নকৰে, আইন মতেহে চলে,