১৪
পৰিশিষ্ট ২
ৱজ্জীসকলৰ অভ্য়ুন্নতিৰ সাতোটা নিয়ম
তেতিয়া ভগৱান ৰাজগৃহৰ গৃধ্ৰুকুট পৰ্ব্বতত আছিল। সেই সময়তে অজাতশত্ৰু ৰজাই ৱজ্জীসকলৰ ওপৰত আক্ৰমণ চলোৱা সম্বন্ধে গুণাগঁথা কৰিছিল। সেই বিষয়ে বুদ্ধ ভগৱানৰ মত জনাৰ উদ্দেশ্যে তেওঁ বস্সকাৰ নামৰ ব্ৰাহ্মণ অমাত্যক ভগৱানৰ ওচৰলৈ পঠালে। সেই অমাত্যজনে অজাতশত্ৰু ৰজাৰ অভিপ্ৰায় ভগৱানৰ আগত ব্যক্ত কৰিলে। সেই সময়ত আনন্দই ভগৱানক বিচি আছিল। আনন্দৰ পিনে চাই ভগৱানে কলে, “আনন্দ, তুমি শুনিছানে যে ৱজ্জীহঁতে বাৰে বাৰে সভা পাতে আৰু একেলগে গোট খায়?”
আনন্দ-হয় ভদন্ত, মই শুনিছোঁ যে ৱজ্জীহঁতে বাৰে বাৰে সভা পাতে আৰু একেলগে গোট খায়।
ভগৱান-ৱজ্জীহঁতে জানো সমূহ বান্ধি সমবেত হয়, সমূহীয়া ভাৱে উঠে আৰু সমূহীয়া ভাৱে কাম কৰে?
আনন্দ—হয় ভদন্ত, মই সেই বুলিযেই শুনিছোঁ।
ভগৱান—ৱজ্জীসকলেতো এনে নকৰে যে যি বিধান তেওঁলোকে কৰা নাই, সেই বিষয়ে তেওঁলোকে হয়তো কব ‘আমিয়ে এই বিধান কৰিছোঁহক?’ অথবা তেওঁলোকে নিজে কৰা বিধানতো নিজে ভঙ্গ নকৰে?
আনন্দ—হয় ভদন্ত, মই শুনিছোঁ যে ৱজ্জীসকল বিধান অনুসৰি চলে।
ভগৱান—ৱজ্জীসকলে বৃদ্ধ ৰাজনীতিজ্ঞ সকলৰ মান ৰক্ষা কৰেনে? আৰু তেওঁলোকৰ পৰা দিহা পৰামৰ্শ লয়নে?