পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ১
৩২৭
 


গুৰুত্ব বঢ়োৱাৰ উদ্দেশ্যে আগৰ বুদ্ধ-চৰিত্ৰতো তাক সামৰি লোৱা হয়। ইয়াৰ ফলত চাৰিটা আৰ্য্যসত্যৰ সৰল আৰু পোনপটীয়া..দৰ্শন পিচ পৰি ৰল আৰু অনাহকতে এই গভীৰ দৰ্শনৰ ওপৰত গুৰুত্ব দিয়া হল।

 উদ্যান-যাত্ৰাৰ পঞ্চম অংশ ত্ৰিপিটক সাহিত্যত থকা গৌতম জীৱন-চৰিত্ৰত একেবাৰেই সমাৱিষ্ট কৰা হোৱা নাই। ইয়াক ‘ললিত- ৱিস্তৰ’, ‘বুদ্ধ চৰিত্ৰ’ আৰু ‘জাতক’ৰ নিদান কথাৰ পৰা যেনেভাৱে পোৱা হৈছে তেনেভাৱে বা অলপ অচৰপ অতিৰঞ্জিত কৰি লোৱা হৈছে। ইয়াৰ শেহৰখন পুথিত এই বুলি কোৱা হৈছে—“ততো বোধিসত্তো সাৰথি সম্মকো নাম এসো পুৰিসো কেসা পিস্ স ন যথা অঞ্ঞেসংতি মহাপদানে আগতনয়েন পুচ্ছিত্বা।’ ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে এই গ্ৰন্থকাৰসকলে এই প্ৰসঙ্গ ‘মহাপদান সুত্ত’ৰ পৰাই লৈছে।

 প্ৰথম অংশতে উল্লেখ কৰি অহা হৈছে যে এই সুত্তৰ আৰম্ভনিতে গৌতম বুদ্ধৰ অগ্ৰশ্ৰামক আদিৰ নাম দিয়া হৈছে। তাত কোৱা হৈছে যে গৌতম বুদ্ধ ক্ষত্ৰিয় আছিল আৰু সেই হেতুকে তেওঁৰ পিতাকৰ ৰাজধানী কপিলৱস্তু আছিল, কিন্তু তেওঁৰ গোত্ৰৰ নাম হলে গৌতম বুলি উল্লেখ কৰা হৈছে। আমি চতুৰ্থ অধ্যাযত ইয়াৰ আলোচনা কৰি আহিছোঁহক আৰু তাতে প্ৰমাণ কৰি দেখুৱাইছোঁ যে শুদ্ধোদন শাক্য কপিলৱস্তুত কোনো দিনে নাথাকিছিল। শাক্যসকলৰ গোত্ৰ আছিল আদিত্য আৰু তেওঁলোক শাক্য নামেৰেই বিশেষ জনাজাত আছিল। সেয়ে নোহোৱাহেঁতেন বুদ্ধ ভিক্ষুসকলক শাক্যপুত্ৰীয় শ্ৰমণ বুলি কোৱা নহল হেঁতেন। বুদ্ধৰ গোত্ৰ গৌতম হলে, তেওঁলোকক গৌতম বা

গোতমক শ্ৰমণ বোলা হলহেঁতেন।