পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৬
ভগৱান বুদ্ধ
 


ভোগবিলাসৰ কাৰণে অলপো ইচ্ছা নকৰিছিল। ভগৱানে কৈছিল, “হে ভিক্ষুসকল, এতিযা লিচ্ছৱিহঁতে কাঠ কুন্দাই লৈ গাৰু কৰি শোৱে আৰু অতিশয সাৱধান আৰু উৎসাহেৰে কুচকাৱাজৰ অভ্যাস কৰে। কিন্তু ভৱিষ্যতলৈ লিচ্ছৱিহঁত লেহুকা হব আৰু তেওঁলোকৰ হাত-ভৰিও কোমল হব। তেওঁলোকে কোমল শেতেলীত তুলাৰ গাৰু লৈ শুব; তেতিযা অজাতশত্ৰু ৰজা তেওঁলোকৰ ওপৰত আক্ৰমণ চলাবলৈ সমৰ্থ হব।

 বজ্জীসকলৰ নিচিনা সমৃদ্ধ গণৰজাসকলেই এনে সৰল আৰু অনাডম্বৰভাৱে থাকিছিল। গতিকে তেওঁলোকৰ তুলনাত ভালেখিনি দুখীয়া শাক্য ৰজাই ডাঙৰ ডাঙৰ কাৰেঙত ভোগ-বিলাস কৰি থাকিছিল বুলি সম্ভৱ নহয়। ৰজা শুদ্ধোদনে নিজেই যেতিয়া খেতি কৰিব লাগিছিল, তেনে অৱস্থাত তেওঁ নিজৰ লৰাক কেনেকৈ তিনিটা কাৰেং সাজি দিব পাৰিছিল? গতিকে এই কাৰেঙৰ কল্পনা যে পিচতহে বুদ্ধৰ জীৱন-চৰিত্ৰত সন্নিৱিষ্ট কৰা হৈছে, সেই বিষয়ে সন্দেহ নাই। ইয়াক ‘মহাপদান সুত্ত’ৰ পৰাই লোৱা হৈছে বুলি কব পৰা নাযায়।

 ওপৰত দিয়া ষষ্ঠ অংশ আৰু ‘নিদানৱগ্ গ সংযুক্ত’ৰ ৪ সংখ্যাৰ পৰা ৬ সংখ্যালৈকে আটাইকেইটা সুত্ত হুবহু একে ধৰণৰ, গতিকে এই সুত্ত কেইটা ‘মহাপদান সুত্ত’ৰ পৰা লোৱা বুলি স্পষ্টভাৱে জনা যায়। ‘নিদানৱগগ সংযুক্ত’ৰ দশম সুত্তত কোৱা হৈছে যে গৌতম বুদ্ধৰ আগৰ ছজনা বুদ্ধই চিন্তা কৰাৰ ফলত যিদৰে এই প্ৰতীত্যসমুৎপাদ আৰু কাৰণ-পৰম্পৰাৰ জ্ঞান লাভ কৰিছিল, সেইদৰে গৌতমেও বোধিসত্ত্ব অৱস্থাতে সেই জ্ঞান লাভ কৰিছিল, কিন্তু মহাৱগ্ গৰ আৰম্ভনিতে এই বুলি উল্লেখ কৰা হৈছে যে বুদ্ধ হোৱাৰ পিচতহে তেওঁৰ মনত কাৰণ পৰম্পৰাৰ উদয় হয়। এই প্ৰতীত্যসমুৎপাদ গৌতম বুদ্ধৰ পৰিনিৰ্ব্বাণৰ দুই-এক শতিকাৰ পিচত লিখা যেন অনুমান হয় আৰু পিচত তাৰ