পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৪
ভগৱান বুদ্ধ
 

 “তেওঁলোকৰ বাবে অমৰত্বৰ দ্বাৰ মুকলি হৈ গল। যিসকলে শুনিবলৈ বিচাৰে তেওঁলোকে যেন এই সম্বন্ধে মন কৰে।"

 “হে ব্ৰহ্মদেৱ, মই এই বুলি মানুহক শ্ৰেষ্ঠ প্ৰণীত ধৰ্ম্মৰ উপদেশ দিবলৈ ওলোৱা নাই, যাতে তাৰ পৰা তেওঁলোকৰ কষ্ট হয়।”

 আৰু ভিক্ষুসকল, ৱিপস্‌সী ভগৱানে ধৰ্ম্মোপদেশ দিব বুলি কথা দিয়াটো জানি মহাব্ৰহ্মই ভগৱানক অভিবাদন আৰু প্ৰদক্ষিণ কৰি তেতিয়াই অন্তৰ্ধ্যান হৈ গল।

 ইয়াৰে সাত অংশৰ ভিতৰত তৃতীয় অংশটোৰ ৰচনা প্ৰথমতে কৰা হৈছিল চাগৈ, কিযনো ত্ৰিপিটকৰ আটাইতকৈ পুৰণি ‘সুত্তনিপাত’ পুথিৰ সেল সুত্তৰ লগত ই মিলি যায়। এই সুত্তকে ‘মঝ্‌জিম নিকায’তো (সং ৯২) পোৱা যায়। ইয়াৰ আগৰ (৯১) “ব্ৰহ্মযুত্ত সংযুক্ত’ আৰু 'দীঘনিকায়’ৰ অম্বট্‌ঠ সুত্ততো ইয়াৰ উল্লেখ পোৱা যায়। বুদ্ধৰ সময়ৰ ব্ৰাহ্মণসকলে এই লক্ষণবোৰৰ ওপৰত বৰ গুৰুত্ব দিছিল। গতিকে বুদ্ধৰ শৰীৰত এই আটাইবোৰ লক্ষণ আছিল বুলি দেখুৱাব অভিপ্ৰায়েৰে বুদ্ধৰ পৰবৰ্ত্তী এক বা দুই শতিকাৰ পিচত এই সুত্তৰ ৰচনা কৰা হয় আৰু তাক এই ‘মহাপদান সুত্ত’তো সামৰি লোৱা হয়। গৌতম বোধিসত্ত্ব বুদ্ধ হৈ যোৱাৰ পিচত ব্ৰাহ্মণ পণ্ডিতে তেওঁৰ লক্ষণবোৰ দেখা পাইছিল। কিন্তু এই সুত্তত কোৱা হৈছে যে ৱিপস্‌সী কুমাৰৰ জন্ম হোৱাৰ ঠিক পিচতেই তেওঁৰ লক্ষণবোৰ চোৱা হৈছিল। ইয়াত এটা বৰ অসঙ্গতি দেখা যায়। ইয়াত কোৱা হৈছে যে তেওঁৰ চল্লিশটা দাঁত আছিল, সি পোন আছিল, তাত গাত নাছিল, আৰু তেওঁৰ দাঁত বগা আছিল-এই চাৰিটা লক্ষণ তাত এনেয়ে থাকি গল। এই সুত্তকাৰে এই কথাও মনত নাৰাখিলে যে কোনো কেছুৱাৰে ওপজোতেই দাঁত নগজে।

 ইয়াৰ পিচত বোধ হয় দ্বিতীয় অংশটো ৰচিত হয়। ইয়াত যি