পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২২
ভগৱান বুদ্ধ
 

ত্যাগ, তৃষ্ণাৰ ক্ষয়, বিভাগ, নিৰোধ আৰু নিৰ্ব্বাণো দুৰ্গম। যদি মই ধৰ্ম্মোপদেশ দিওঁ আৰু তেওঁলোকে তাক বুজিব নোৱাৰে তেন্তে মোৰেই কষ্ট হব আৰু মোৰহে ক্লেশ হব।

 আৰু ভিক্ষুসকল, হঠাৎ ৱিপস্‌সী ভগৱানৰ মনত তলত দিয়া গাথা খেলালে; আগেয়ে তেওঁ কোনো দিনে সেই গাথা শুনা নাছিল—

 যি মই চেষ্টা কৰি পাইছোঁ, তাক কাকো জনোৱা উচিত নহয়। ৰাগ-দ্বেষেৰে পূৰ্ণ মানুহৰ সহজতে এই ধৰ্ম্মৰ বোধ নহব।

 এই ধৰ্ম্মই মানুহৰ গতি-প্ৰবাহ ওভোতাই আনিব পাৰে; ই নিপুণ, গভীৰ দুৰ্দ্দৰ্শ আৰু অনুৰূপ, এই অন্ধকাৰত পৰি থকা কামাসক্ত সকলে ইয়াক দেখা নাপায়।

 হে ভিক্ষুসকল, এই কথা ভবাৰ পিচত অৰ্হন্ত, সম্যক্ সম্বুদ্ধ ৱিপস্‌সী ভগৱানৰ চিত্ত ধৰ্ম্মোপদেশৰ পিনে নগৈ তাক অকলে ৰখাৰ পিনলৈ ঘুৰি গল। তেওঁৰ সেই সিদ্ধান্তৰ কথা জানিব পাৰি মহাব্ৰহ্মাই নিজৰ মনতে কলে, “এতিয়া দেখোন সংসাৰ নাশ হয় একা। বিনাশ হয় একা, কিয়নো অৰ্হন্ সম্যক সম্বুদ্ধ ৱিপস্‌সী ভগৱানৰ মত ধৰ্ম্মোপদেশ দিয়াৰ পিনলৈ নগৈ অকলে থকাৰ পিনলৈহে ঢাল খাইছে।”

 গতিকে হে ভিক্ষুসকল, যিদৰে কোনো বলী লোকে সাবটি থকা হাত আগবঢ়াই দিয়ে আৰু আগবঢ়াই দিয়া হাত সাবটি লয়, তেনে বেগেৰেই মহাব্ৰহ্মা ব্ৰহ্মলোকৰপৰা অন্তৰ্ধান হৈ ৱিপস্‌সী ভগৱানৰ সমুখত সাউত কৰে দেখা দিয়ে আৰু নিজৰ উপবস্ত্ৰ এখন কানত লৈ সোঁ আঠুৰে মাটিত ভৰ দি হাত জোৰ কৰি ভগৱানক কলে, “ভগৱান, ধৰ্ম্মৰ উপদেশ দিয়া। সুগত, ধৰ্ম্মৰ উপদেশ দিয়া। কিছুমান প্ৰাণীৰ চকু ধুলিৰে ভৰি থকা নাই। সিহঁতে ধৰ্ম্মৰ কথা শুনিবলৈ সুযোগ পোৱা নাই বাবেই নষ্ট হবলৈ ধৰিছে। তুমি এনেদৰে ধৰ্ম্ম জানিবলৈ বিচৰা মানুহ পাবা।”