পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ১
৩১৯
 


 তেতিয়া সাৰথিয়ে ৰথ ওভোটাই অন্তঃপুৰৰ পিনলৈ গুছি গল। তালৈ গৈ ৱিপস্সী কুমাৰে দুখ আৰু উদ্বিগ্ন মনেৰে ভাবিবলৈ ধৰিলে —ধিক এই জন্ম যাৰ কাৰণে ব্যাধি হয়।
 বন্ধুমা ৰজাই সাৰথিৰ পৰা এই বাতৰি জানিব পাৰি ৱিপস্সীৰ বিলাস সুখৰ সামগ্ৰী আৰু বঢ়াই দিলে যাতে কুমাৰে ৰাজ্য ত্যাগ কৰি প্ৰব্ৰজ্যা নলয়।
 আৰু ভিক্ষু সকল, শ শ হেজাৰ হেজাৰ বছৰ পিচত ৱিপসসী কুমাৰে আগৰ নিচিনাকৈ আয়োজন কৰি উদ্যানৰ পিনে যাত্ৰা কৰিলে। বাটতে তেওঁ দেখিলে যে এদল বয়সিয়াল মানুহে ৰং-বিৰঙৰ কাপোৰেৰে দোলা সাজি আছে। তেওঁ সাৰথিক সুধিলে, “এই মানুহবোৰেনো ৰং-বিৰঙৰ কাপোৰেৰে কি দোলা সজাইছে?”
 সাৰথি-মহাৰাজ, তাত এজন মৰা মানুহ আছে (সেই কাৰণে)।

 ৱিপস্সী-তেনে হলে সেই মৰা মানুহ জনৰ ওচৰলৈ ৰথ লৈ বলা।
 সেইমতে সাৰথিয়ে ৰথখন তালৈকে লৈ গল। মৰা মানুহ জন দেখি ৱিপস্সীয়ে সুধিলে, “মিত্ৰ সাৰথি, মৰাৰ অৰ্থনো কি?”
 সাৰথি-এতিয়া আৰু তেওঁ নিজৰ মাক-বাপেক আৰু আন আন ইষ্ট মিত্ৰক দেখা নাপায় অথবা তেওঁলোকেও তেওঁক আৰু দেখা নাপাব।
 ৱিপস্সী-মিত্ৰ সাৰথি, ময়ো জানো মৰণধৰ্ম্মী? ৰজা-ৰাণী আৰু আন আন সম্পৰ্কীয় লোক সকলে মোক দেখা নাপাব নেকি? আৰু ময়ো জানো তেওঁলোকক দেখা নাপাম?
 সাৰথি-নাপাব মহাৰাজ!
 ৱিপস্সী-তেনেহলে এতিয়া আৰু উদ্য়ানলৈ যাব নালাগে। ৰথ অন্তঃপুৰলৈকে ওভোতাই লৈ বলা।
 সেইমতে সাৰথিয়ে ৰথ অন্তঃপুৰলৈ লৈ গল। তালৈ গৈ ৱিপস্সী