পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ১
৩১৭
 

 আৰু হে ভিক্ষুসকল, বন্ধুমা ৰজাই ৱিপসসী কুমাৰৰ কাৰণে তিনিটা কাৰেং সজালে—এটা বাৰিষাৰ কাৰণে, এটা জাৰৰ দিনৰ কাৰণে আৰু এটা জহৰ কাৰণে। এই কাৰেং কেইটাত পাঁচোটা ইন্দ্ৰিয়ৰ সুখৰ বাবে যাবতীয় সকলো পদাৰ্থ ৰখা হল। ভিক্ষুসকল, বাৰিষাৰ কাৰণে সজা কাৰেঙত ৱিপসসী কুমাৰে বৰ্ষা ঋতুৰ চাৰি মাহ অকল তিৰোতা সকলে বজোৱা বাদ্য শুনি কটাইছিল, কাৰেঙৰ পৰা তললৈ নানামিছিল।

 আৰু ভিক্ষুসকল, শ শ হেজাৰ হেজাৰ বছৰৰ পিচত ৱিপসসী কুমাৰে সাৰথিক মতাই আনি কলে,“হে মিত্ৰ সাৰথি, ভাল ভাল যান সাজু কৰা, প্ৰাকৃতিক শোভা চাবলৈ আমি উদ্যানলৈ ওলাই যামহঁক।” সাৰথিয়ে যান সাজু কৰিলে আৰু ৱিপসসী কুমাৰ ৰথত উঠি উদ্যানৰ পিনলৈ ওলাই গল। বাটত শ্যামালতাৰ নিচিনা হালি পৰা, জীৰ্ণশীৰ্ণ, লাখুটিকে সম্বল কৰি থৰক বৰককৈ কঁপি কঁপি যোৱা, ৰোগী, গতবয়স্ক বুঢ়া মানুহ এজন দেখি তেওঁ সাৰথিক সুধিলে, “এই মানুহজনৰ অৱস্থা এনেকুৱা হৈছে কিয়? এওঁৰ শৰীৰ আৰু চুলিতো আনৰ নিচিনা নহয়!”

 সাৰথি-মহাৰাজ এওঁ এজন বুঢ়া মানুহ।

 ৱিপসসী-মিত্ৰ সাৰথি, বুঢ়াৰ অৰ্থ কি?

 সাৰথি-বুঢ়াৰ অৰ্থ হল এয়ে যে তেওঁ আৰু অধিক দিন জীয়াই নাথাকে।

 ৱিপসসী-তেনেহলে ময়ো জানো এনেকুৱা জৰাধৰ্ম্মী?

 সাৰথি-মহাৰাজ, আমি আটায়ে জৰাধৰ্ম্মী।

 ৱিপসসী-তেনেহলে সাৰথি, এতিয়া আৰু উদ্যানলৈ যাব নালাগে। বলা, ৰাজমহললৈ উভতি যাওঁহক।