পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ১
৩১৩
 

 (৩) ভিক্ষুসকল, ইও স্বভাৱ-নিয়ম যে যেতিয়া বোধিসত্ত্বই মাতৃৰ উদৰত প্ৰৱেশ কৰে, তেতিয়া যাতে তেওঁ আৰু তেওঁৰ মাকৰ মনুষ্য বা অমনুষ্যৰ পৰা কষ্ট হব নোৱাৰে, সেই উদ্দেশ্যে চাৰিও দিশত চাৰিজন দেৱপুত্ৰ থাকে। ই স্বভাৱ-নিয়ম।
 (৪) ভিক্ষুসকল, যেতিয়া বোধিসত্ত্বই মাকৰ উদৰত প্ৰৱেশ কৰে, তেতিয়া তেওঁৰ মাক স্বাভাৱিকতে শীলৱতী হয়, তেওঁ প্ৰাণীহত্যা, চুৰি, ব্যাভিচাৰ, অসত্যভাষণ আৰু মদ্যপানৰ পৰা বিৰত থাকে। সি স্বভাৱ-নিয়ম।
 (৫) ভিক্ষুসকল, যেতিয়া বোধিসত্ত্ব মাকৰ উদৰত প্ৰৱেশ কৰে, তেতিয়া তেওঁৰ মাকৰ অন্তৰত পুৰুষৰ বিষয়ে কামাসক্তি উৎপন্ন নহয় আৰু কোনো পুৰুষেই বোধিসত্বৰ মাকৰ ওপৰত কাম-বিকাৰ যুক্ত চিত্তেৰে অতিক্ৰমণ কৰিব নোৱাৰে। সি স্বভাৱ-নিযম নিয়ম।
 (৬) ভিক্ষুসকল, যেতিয়া বোধিসত্ত্ব মাকৰ উদৰত প্ৰৱেশ কৰে তেতিয়া তেওঁৰ মাতৃৰ পাঁচোটা সুখৰ উপভোগ হয়। সেই পঞ্চ সুখোপভোগেৰে সম্পন্না হৈ তেওঁ তাক উপভোগ কৰে। সি স্বভাৱ-নিয়ম।
 (৭) ভিক্ষুসকল, যেতিয়া বোধিসত্ত্ব মাকৰ উদৰত প্ৰৱেশ কৰে, তেতিয়া তেওঁৰ মাকৰ কোনো ৰোগ নহয়। তেওঁ সুখী আৰু নিৰুপদ্ৰৱী হয় আৰু নিজৰ উদৰত থকা সৰ্ব্বেন্দ্ৰিয় সম্পূৰ্ণ বোধিসত্ত্বক দেখা পায়; যিদৰে কোনো আচল অষ্টকোণ ঘঁহি তৈযাৰ কৰা স্বচ্ছ, শুদ্ধ, সৰ্ব্ব আকাৰ পৰিপূৰ্ণ ৱৈডুৰ্য্য মণিত (বৈদূৰ্য্য) নীলা, হালধীয়া, ৰঙা বা বগা সুতা ভৰালে চকু থকা মানুহে সেই মণি আৰু সূতা স্পষ্টভাৱে দেখা পায, সেইদৰে বোধিসত্ত্বৰ মাকে নিজৰ উদৰত থকা বোধিসত্ত্বক স্পষ্ট ভাৱে দেখা পায়। সি স্বভাৱ-নিয়ম।
 (৮) ভিক্ষুসকল, বোধিসত্ত্বৰ জন্ম হোৱাৰ সাত দিন পিচতে তেওঁৰ