পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৩


পৰিশিষ্ট ১

গৌতম বুদ্ধৰ জীৱন-চৰিত্ৰৰ লগত সম্বন্ধ থকা
‘মহাপদানসুত্ত'ৰ অংশ

 অপদানৰ (সংস্কৃত অৱদান) অৰ্থ হল সৎচৰিত্ৰ। গতিকে মহাপদানৰ অৰ্থ হল মহাপুৰুষসকলৰ সৎচৰিত্ৰ। 'মহাপদানসুত্তৰ' আৰম্ভনিতে গৌতম বুদ্ধৰ আগৰ ছজনা বুদ্ধ আৰু গৌতম বুদ্ধৰ চৰিত্ৰ চমুকৈ দিযা হৈছে। গৌতম বুদ্ধৰ আগতে সিখী, ৱিপস্‌সী, ৱেস্‌সভূ, ককুসংঘ, কোণাগমন আৰু কস্‌সপ এই ছজনা বুদ্ধ হৈছিল। ইয়াৰে প্ৰথম তিনি জনা ক্ষত্ৰিয় আৰু পিচৰ তিনি জনা ব্ৰাহ্মণ আছিল। এই সুত্তৰ আৰম্ভনিতে তেওঁলোকৰ গোত্ৰ, আয়ু, যি গছৰ তলত বহি তেওঁলোক বুদ্ধ হৈছিল তাৰ নাম, তেওঁলোকৰ দুজনকৈ মুখ্য শিষ্য, তেওঁলোকৰ সংঘৰ ভিক্ষু-সংখ্যা, তেওঁলোকৰ উপস্থায়ক (সেৱক ভিক্ষু), মাক বাপেক, সেই সময়ৰ ৰজা আৰু ৰাজধানীৰ নাম আদি সম্বন্ধে উল্লেখ কৰা হৈছে। তাৰ পিচত বিতং ভাৱে বিপস্‌সী বুদ্ধৰ চৰিত্ৰ দিয়া হৈছে। সেই পৌৰাণিক চৰিত্ৰৰ যি খণ্ড গৌতম বুদ্ধৰ জীৱনৰ লগত সংযুক্ত কৰি দিযা হৈছে, আমি তাৰে সাৰাংশ ইয়াতে দিওঁহক।[১]

 ভগৱানে কলে, “হে ভিক্ষুসকল, ইয়াৰ আগতে এক নৱতী কল্পত অৰ্হৎ সম্যক সম্বুদ্ধ বিপস্‌সী ভগৱানে ইহ লোকত জন্ম ললে। তেওঁ


(১)^  এই আটাইবোৰ সুত্তৰে মাৰাঠী ভাঙনি শ্ৰী, চি, ৰৈ ৰাজৱাড়ে ৰচিত দীঘ-

নিকায় ভাগ ২.৩ দিয়া হৈছে; (গ্ৰন্থ সম্পাদক ৱ প্ৰকাশক মণ্ডলী নং ২৮০, ঠাকুৰ- দ্বাৰ ৰোড, বোম্বাই—২)