পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিনচৰ্য্যা
৩০৭
 


আন কোনো ঠাইত বন্ধ কৰি লয় আৰু সকলো প্ৰকাৰৰ সিদ্ধি লাত কৰিবলৈ সাধনা কৰে।

 ৰোগ-ভগৱান বুদ্ধৰ ৰোগ হোৱাৰ কথা বৰ কম ঠাইতহে পোৱা যায়। এবাৰ ৰাজগৃহৰ ওচৰৰ বেণুবনত তেওঁ নৰিয়াত পৰিছিল। ‘বোজ্ ঝংগ সংযুত্ত’ৰ ষোড়শ সুত্তৰ মতে তেতিয়া মহাচুন্দই তেওঁৰ নিৰ্দ্দেশ মতে তেওঁক সাত বোধ্যংগ শুনায় আৰু তাৰ দ্বাৰা তেওঁ ঠিক হৈ যায়।

 ‘বিনয়পিটক’ৰ মহাৱগ্ গত এই বুলি উল্লেখ কৰা হৈছে[১২] যে ভগৱানৰ অলপ অসুখ হৈছিল আৰু জীৱক কৌমাৰ ভৃত্যই তেওঁক ভেদৰ ঔষধ দিছিল। ‘চুল্লৱগ্ গ’ত দেৱদত্তৰ কথা আছে। তেওঁ গৃধ্ৰকূট পৰ্ব্বতৰ পৰা ভগৱানৰ গালৈ এটা বৰ ডাঙৰ শিল মাৰি পঠিযায়। সেই শিলটো টুকুৰা টুকুৰি হৈ যায় আৰু তাৰে এটুকুৰা ভগৱানৰ ভৰিত পৰাত তেওঁৰ অসুখ হয়। দেৱদত্তই হয়তো ভগৱানক মাৰি পেলাব পাৰে বুলি ভয় কৰি কিছুমান ভিক্ষুই ভগৱান থকা ঠাইৰ চাৰিওপিনে পৰ দিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ ভাৱগতি দেখি ভগৱানে আনন্দক সুধিলে, “ইয়াত এই ভিক্ষুসকল কিয় ঘুৰাঘুৰি কৰি ফুৰিছে?” আনন্দই উত্তৰ দিলে, “তদন্ত, আপোনাৰ শৰীৰৰ যাতে কষ্ট বা হানি হব নোৱাৰে, তাৰ বাবেই এই ভিক্ষুসকলে পৰ দিছে।”

 ভগৱানে আনন্দৰ হতুৱাই ভিক্ষুসকলক নিজৰ ওচৰলৈ মতাই নি কলে, “মোৰ দেহ লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই। মোৰ শিষ্য সকলে মোক ৰক্ষা কৰাটো মই নিবিচাৰোঁ। গতিকে তোমালোকে ইয়াত পৰ দিয়াৰ সলনি নিজৰ নিজৰ কাম কৰাগৈ।”

 সুত্তপিটকত হলে ‘ৱিনয়পিটক’ৰ এই কথাৰ কোনো প্ৰমাণ নাই।

____________________________________

(১২)^  চাওক, ‘বৌদ্ধ সংঘাচা পৰিচয়', পৃষ্ঠা ৩৪।