পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৬
ভগৱান বুদ্ধ
 


 উপৰ্য্যুক্ত সুত্তত কোৱা হৈছে যে ভগৱানে পোন্ধৰ দিন ধৰি আনাপান স্মৃতি সমাধি কৰিছিল। ইয়াৰ অৰ্থ হল এয়ে যাতে মানুহে সেই সমাধিৰ গুৰুত্ব বুজিব পাৰে। পোন্ধৰ দিন বা তিনি মাহ ধৰি সেই সমাধি কৰিলেও মন শ্ৰান্ত নহয় আৰু শৰীৰ আৰু স্বাস্থ্য ভালে থাকে।

 ষষ্ঠ অধ্যায়ত আন এটা প্ৰসঙ্গত ভগৱানে ভিক্ষু-সংঘক এৰি অকলে পৰিলেয়্যক বনত থকাৰ উল্লেখ কৰি অহা হৈছে। ইয়াৰ পৰা দেখা যায় যে ভগৱানে কেতিয়াবা কেতিয়াবা এনে কোনো ঠাইলৈ গৈ অকল- শৰে থাকিছিল য'ত তেওঁক কোনেও চিনি নাপাইছিল। কিন্তু যেতিয়া চাৰিওপিনে তেওঁৰ সুখ্যাতি বিয়পি পৰিল আৰু সকলো মানুহে তেওঁক চিনি পোৱা হল তেতিয়া তেওঁ সংঘৰ লগত থকাৰ সময়তে কিছু সময়ৰ কাৰণে সংঘৰ পৰা অলিপ্ত হৈ থাকিবলৈ ললে। কিন্তু তেওৰ পন- চল্লিশ বছৰৰ কৰ্ম্মময় সময় ছোৱাত এনে প্ৰসঙ্গ বৰ বেচি হোৱা নাছিল।

 আজিকালি[১১] কায়াকল্প লৈ যথেষ্ট প্ৰচাৰ কাৰ্য্য চলিছে। কোনো মানুহক এমাহ বা দেৰ মাহ এটা কোঠাত বন্ধ কৰি ৰখা হয় আৰু পথ্যৰে সৈতে ঔষধোপচাৰ কৰা হয়। তাৰ ফলত মানুহ আকৌ তৰুণ হৈ যায় বুলি মানুহে ধাৰণা কৰে। এনে ধৰণৰ কায়াকল্পৰ লগত ভগৱান বুদ্ধৰ একান্তবাসৰ কোনো সম্পৰ্ক নাই, কিয়নো ভগৱানে সেই সময়ত কোনো ঔষধোপচাৰ নকৰিছিল। তেওঁ কেৱল আনাপান স্মৃতি সমাধিৰহে অভ্যাস কৰি থাকিছিল।

 ভালেমান দিনলৈকে এনে দৰে একান্ত বাস কৰাৰ প্ৰথা সিংহল দ্বীপ, মান দেশ বা শ্যামত কেতিয়াবাহে দেখা যায়, কিন্তু তিব্বতত হলে এই প্ৰথা প্ৰচলন আছে। অকল সেয়ে নহয়, কোনো কোনো ঠাইত অনুচিত ভাৱেও তাক অধিক মাত্ৰাত পালন কৰা দেখা যায়। কোনো কোনো তিব্বতী লামাই বছৰৰ পৰা বছৰ ধৰি নিজকে কোনো গুহা বা

___________________________________

(১১)^  প্ৰায় ১৯৪০ চন।