পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিনচৰ্য্য়া
৩০৩
 


ভাৱেই সোণদণ্ড, কুটদণ্ড আদি ব্ৰাহ্মণ সকলে ভালেমান ব্ৰাহ্মণক লগত লৈ বুদ্ধৰ লগত সাক্ষাৎ কৰি ধাৰ্ম্মিক আলোচনা কৰা বুলি ‘দীঘনিকায়’ত প্ৰমাণ পোৱা যায়। যিদিনা কোনো গৃহস্থলোক নাহিছিল, সেই দিনা প্ৰায়েই ভগৱানে নিজৰ লগত থকা ভিক্ষুসকলক ধৰ্ম্মোপদেশ দিছিল।

 তাৰ এদিন বা দুদিনৰ পিচত ভগৱানে আকৌ যাত্ৰাত বাহিৰ হৈছিল আৰু এনেদৰে পূব পিনে ভাগলপুৰ, পছিম পিনে ফুৰুসকলৰ কল্মাষদস্য নামৰ নগৰ, উত্তৰ পিনে হিমালয় আৰু দক্ষিণ পিনে বিন্ধ্য়ৰ মাজৰ অঞ্চলত আঠ মাহ ধৰি ভিক্ষুসকলৰ লগত ভ্ৰমণ কৰি ফুৰিছিল।

বৰ্ষা-বাস

 বুদ্ধ ভগৱানে যেতিযা ধৰ্ম্মোপদেশ দিবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ ভিক্ষুসকল বাৰিষা কাল হলে একেঠাইতে নাথাকিছিল। চাৰিও- পিনে ঘূৰি পকি তেওঁলোকে ধৰ্ম্মোপদেশ দি ফুৰিছিল। আন আন সম্প্ৰদায়ৰ শ্ৰমণসকল বাৰিষা একেঠাইতে থাকিছিল, গতিকে বুদ্ধৰ ভিক্ষুসকলৰ এই আচৰণ সাধাৰণ ৰাইজৰ ভাল নালাগিছিল। তেওঁলোকে ভিক্ষুসকলৰ বিৰুদ্ধে এই বিষয়ে আলোচনা সমালোচনা কৰিবলৈ ধৰাত বুদ্ধ ভগৱানে সাধাৰণ ৰাইজৰ সন্তুষ্টিৰ কাৰণে এই বুলি নিয়ম বান্ধি দিলে যে ভিক্ষুসকলে বাৰিষা অন্ততঃ তিনি মাহ একেঠাইতে থাকিব লাগে।[৮]

 বৰ্ষা-বাস সম্বন্ধে ‘মহাৱগ্ গত দিয়া বৰ্ণনাৰ এয়ে হল চমু বিৱৰণ। কিন্তু এই কথা সম্পূৰ্ণ সঁচা যেন নালাগে। প্ৰথমতে আটাইবোৰ শ্ৰমণ যে বাৰিষা একেঠাইতে থাকিছিল তেনে নহয় আৰু ভগৱানে বান্ধি দিয়া এই নিয়মৰ ভালেমান ব্যতিক্ৰম হৈছিল। চোৰৰ উপদ্ৰৱ বা আন কোনো কষ্ট হলে ভিক্ষুসকল আন ঠাইলৈ যাব পাৰিছিল।


(৮)^  ‘বৌদ্ধ সংঘাচা পৰিচয়’, পৃষ্ঠা ২৪ চাওক।