পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০০
ভগৱান বুদ্ধ
 


কেইটানো কি? ১। ভগৱানে অল্পাহাৰ কৰে আৰু অল্পাহাৰৰ গুণ বৰ্ণনা কৰে। ২। তেওঁ যি কোনো চীৱৰতে সন্তুষ্ট থাকে আৰু তাৰ গুণ বৰ্ণনা কৰে। ৩। তেওঁ যি কোনো ভিক্ষাতে সন্তুষ্ট থাকে আৰু তাৰ গুণ বৰ্ণনা কৰে। ৪। যি কোনো থকা ঠাই পালেই তেওঁ সন্তুষ্ট থাকে আৰু সেই সন্তোষৰ গুণ ব্যাখ্যা কৰে। ৫। তেওঁ একান্ত বাস কৰে আৰু একান্ত বাসৰ গুণ বৰ্ণনা কৰে। এই পাঁচোটা কাৰণতে ভগৱানৰ শ্ৰাৱকসকলে ভগৱানৰ মান কৰে আৰু তেওঁৰ আশ্ৰয়ত থাকে; এযে হল মোৰ ধাৰণা।

 ভগৱান-হে উদায়ি, কেৱল শ্ৰমণ গৌতম অল্পাহাৰী আৰু তেওঁ অল্পাহাৰৰ গুণ বৰ্ণনা কৰে বুলিয়ে যদি শ্ৰাৱকসকলে মোৰ মান ৰক্ষা কৰি মোৰ আশ্ৰয়ত থাকিলহেঁতেন, তেন্তে মোৰ যিসকল শ্ৰাৱকে মোতকৈও কম আহাৰ কৰে তেওঁলোকে মোৰ মান নকৰিলেহেঁতেন আৰু মোৰ আশ্ৰয়তো নাথাকিলহেঁতেন।

 হে উদায়ি, যি চীৱৰ পোৱা যায়, শ্ৰমণ গৌতম তাতেই সন্তুষ্ট থাকে আৰু আনৰ আগত সেই সন্তোষৰ গুণ বৰ্ণনা কৰে বুলি যদি মোৰ শ্ৰাৱকসকল মোৰ মান ৰক্ষা কৰি মোৰ আশ্ৰয়ত থাকিলহেঁতেন, তেন্তে মোৰ যিসকল শ্ৰাৱকে মৰিশালিত পেলাই দিয়া কাপোৰৰ পৰা কাপোৰ আনি অথবা বজাৰত পেলাই দিয়া ফটাছিতা কাপোৰ আনি চীৱৰ তৈয়াৰ কৰি পিন্ধে, তেওঁলোকে মোৰ মান নকৰিলেহেঁতেন আৰু মোৰ আশ্ৰয়তো নাথাকিলহেঁতেন, কিয়নো মই কেতিয়াবা কেতিয়াবা গৃহস্থই দিয়া কাপোৰৰো চীৱৰ পিন্ধো।

 হে উদায়ি, শ্ৰমন গৌতম ভিক্ষাৰ পৰা পোৱা যি কোনো সামগ্ৰীতে সন্তুষ্ট থাকে আৰু আনৰ আগত সেই সন্তোষৰ গুণ বৰ্ণনা কৰে বুলিয়েই যদি মোৰ শ্ৰাৱকসকলে মোৰ মান ৰক্ষা কৰি মোৰ আশ্ৰয়ত থাকিল- হেঁতেন, তেন্তে মোৰ শ্ৰাৱকসকলৰ যি কেইজনে অকল ভিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰি চলে, সৰু বৰ কোনো বিবেচনা নকৰাকৈ ভিক্ষা গ্ৰহণ কৰে,