পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
ভগৱান বুদ্ধ
 


আৰামত আছিল। এদিন পুৱা ভগৱান ভিক্ষাটনৰ বাবে ৰাজগৃহৰ ফালে ওলাই গৈছিল। তেতিয়াও ভিক্ষাৰ সময় হোৱা নাছিল কাৰণে ভগৱান বাটতে সেই পৰিব্ৰাজকসকলৰ আশ্ৰমত সোমাল। তাত সকুলদায়ি[৫] নিজৰ বিৰাট পৰিব্ৰাজক-সভাৰ আগত বহি আছিল আৰু তেওঁ পৰিব্ৰাজকসকলৰ আগত ৰাজকথা, চোৰকথা, মহামাত্যকথা, সেনাকথা, ভয়কথা, যুদ্ধকথা আদি অসংলগ্ন[৬] কথাবোৰ চিঞৰি চিঞৰি বৰ্ণনা কৰি আছিল। সকুলদায়িয়ে আশ্ৰমৰ পৰা কিছু দূৰৈতে ভগৱানক দেখা পালে আৰু তেওঁ শিষ্যসকলক কলে, চোৱা ভাইহঁত, চিঞৰি চিঞৰি কথা নকবাহঁক, হাই-উৰুমি বন্ধ কৰা। সেয়া শ্ৰমণ গৌতম আহিব ধৰিছে। তেওঁ লাহে লাহে কথা কোৱাটো ভাল পায় আৰু বীৰ ভাষণৰ প্ৰশংসা কৰে। আমি হাই-উৰুমি কৰিলে তেওঁ আমাৰ সভালৈ অহাটোকে উচিত বুলি নাভাবিব।

 পৰিব্ৰাজকসকল শান্ত হৈ গল আৰু ভগৱান সকুলদায়ি পৰিব্ৰাজক বহি থকা ঠাইত গৈ উপস্থিত হল। তেতিয়া সকুলুদায়িয়ে ভগৱানক কলে, “ভগৱান আহক! ভগৱানৰ স্বাগত হওক! আজি কতদিনৰ মূৰত ভগৱান আমাৰ সভালৈ আহিছে! আপোনাৰ বাবে এয়া আসন প্ৰস্তুত, আপুনি তাৰ ওপৰত বিৰাজ কৰক।

 সেই আসন গ্ৰহণ কৰি ভগৱানে ওচৰতে বহি থকা সকুলদায়ি পৰিব্ৰাজকক সুধিলে, ‘উদায়ি, ইয়াত তোমাৰ কি আলোচনা চলি আছিল নো?

 উদাযিয়ে কলে, “ভগৱান, আমাৰ কথা এক। সি দুৰ্ল্লভ নহয়। কিন্তু মোৰ এটা কথা মনত পৰিছে। কিছুদিনৰ আগতে ভিন ভিন


(৫)^  সকুল+ উদায়ি অৰ্থাৎ কুলীন উদায়ি।
(৬)^  তিবচ্ছানকথা। অনিয্য়ানিকত্তা সগ্ গ-মোকখ-মগ্ গানং তিবচ্ছাৱভুত্তা কথা

তি ভিৰচ্ছামকথা। ‘অটঠকথা।