পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিনচৰ্য্যা
২৯৭
 


 জীৱকে কলে, ‘মণ্ডলমালৰ মাজৰ খুটাটোৰ কাষত পূবৰ পিনে মুখ কৰি ভগৱান বহি আছে।

 অজাতশত্ৰু ভগৱানৰ ওচৰলৈ গৈ থিয় হল আৰু মৌৰ বাৰণ কৰি শান্তিৰে বহি থকা ভিক্ষু-সংঘক দেখা পাই কলে, 'এই সংঘত যি শান্তি বৰ্ত্তমান, মোৰ উদয়তদ্ৰ কুমাৰো তাৰ লগত সমন্ধিত হওফ। উদয়তন্ত্ৰ কুমাৰেও যেন তেনে শান্তি লাভ কৰে।

 ভগৱানে কলে, ‘মহাৰাজ, আপুনি আপোনাৰ প্ৰেম অনুসৰি উক্তি কৰিছে।'

 তাৰ পিচত অজাতশত্ৰু আৰু ভগৱানৰ মাজত দীঘলীয়া'কথোপকথন হয়, কিন্তু তাক ইয়াত দিয়াটো প্ৰাসঙ্গিক নহব; সংঘৰ লগত ভিক্ষু সম্প্ৰদায় থকাৰ সময়ত অলপো যে হাই-উৰুমি হোৱা নাছিল তা দেখুৱাৰ বাবেহে এই প্ৰসঙ্গৰ উল্লেখ কৰা হৈছে।

ভিক্ষু-সংঘৰ অনুশাসনৰ প্ৰভাৱ

 ৰাতিপুৱা ভিক্ষা কৰিবলৈ যাওঁতে ভগৱানে কেতিয়াবা কেতিয়াবা ভিন ভিন পৰিব্ৰাজকৰ আশ্ৰমত উপস্থিত হৈছিলগৈ। ভগৱানক দেখিলে পৰিব্ৰাজক সকলৰ নেতাই নিজৰ শিষ্যসকলক কৈছিল, সেয়া শ্ৰমণ গৌতম আহিব ধৰিছে। তেওঁ গোলমাল ভাল নাপায়, গতিকে তোমালোকে ডাঙৰকৈ কথা-বতৰা নাপাতি শান্তভাৱে থাকাহঁক। মঝ্ জিমনিকায়ৰ মহাসকুলদায়িসুত্তত (সং ৭৭) এনে এটা প্ৰসঙ্গ বৰ্ণনা আছে। ইয়াত বুদ্ধৰ দিনচৰ্য্য়াৰ আন আন কথাৰো বিতং বিৱৰণ দিয়া হৈছে। গতিকে তাক ইয়াতে চমুকৈ উল্লেখ কৰা হল-

 ভগৱান ৰাজগৃহৰ বেণুবনৰ কলন্দক নিৰাপত আছিল। তেতিয়া কেইজনমান প্ৰসিদ্ধ পৰিত্ৰাজক মোৰ-নিৰাপত পৰিব্ৰাজক সকলৰ