পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিনচৰ্য্য়া
২৯৫
 


ধাৰণ কৰি থকা ভালেমান মুনি আছিল। 'মুনি’ শব্দৰ পৰাই ‘মৌন’ শব্দ ওলাইছে। বুদ্ধই এই তপশ্চৰ্য্যা ভাল নাপাইছিল। ‘অবিদ্বান, মুৰ্খ লোকে মৌন ধাৰণ কৰাৰ পৰা মুনি নহয়।[২] তথাপি ভগৱানে কৈছিল যে কোনো কোনো উপলক্ষত মৌন ধাৰণ কৰাটো উচিত। অৰিয়পৰিয়েসন সুত্তত[৩] ভগৱানে কৈছে—হে ভিক্ষুসকল, তোমালোকে হয়তো ধৰ্ম্ম চৰ্চ্চা কৰা, নহলে আৰ্য্য় মৌন ৰাখাহঁক।’

 শান্তিৰ উদাহৰণ—বুদ্ধ ভগৱানে ভিক্ষু-সংঘৰ আগত উপদেশ নিদিয়াৰ সময়তো ভিক্ষুসকল অতিশয় শান্তিৰে থাকিছিল। অলপো হাই-উৰুমি নকৰিছিল। ইয়াৰে এটা প্ৰকৃষ্ট উদাহৰণ ‘দীঘনিকায়’ৰ সামঞ্ ঞফলসুত্তত পোৱা যায়। সেই প্ৰসঙ্গ হল এই—

 ভগৱান বুদ্ধ ডাঙৰ ভিক্ষু-সংঘক লগত লৈ ৰাজগৃহৰ জীৱক কৌমাৰ- ভৃত্যৰ আম্ৰবনত আছিল। তেতিয়া কাৰ্ত্তিক পূৰ্ণিমাৰ ৰাতি অমাত্য- সকলক লগত লৈ অজাতশত্ৰু ৰজা কাৰেঙৰ ওপৰৰ মহলাত বহি আছিল। তেওঁ কলে, ‘কিমান সুন্দৰ ৰাতি! আমাক উপদেশ দি আমাৰ চিত্ত প্ৰসন্ন কৰিব পৰা ইয়াত কোনো শ্ৰমণ বা ব্ৰাহ্মণ পোৱা যাবনে? সেই সময়ত পূৰণ কস্ সপ, মক্ খলিগোসাল, অজিত কেস- কম্বল, পুকুধ কচ্চায়ন, সঞ্জয় বেলটুঠপুত্ত আৰু নিগ নাথপুত্ত আছি প্ৰসিদ্ধ শ্ৰমণ সকল নিজ নিজ শ্ৰমণ সঙ্ঘেৰে সৈতে ৰাজগৃহৰ ওচৰে কাষৰে বাস কৰিছিল। অজাতশত্ৰুৰ অমাত্যসকলে এজনৰ পিচত এজন শ্ৰমণৰ প্ৰশংসা কৰি তেনে শ্ৰমণজনৰ লগত ৰজাক সাক্ষাৎ কৰিবলৈ যোৱাৰ বাবে সম্মত কৰাবলৈ চেষ্টা কৰিলে, কিন্তু অজাতশত্ৰুৰে একো উত্তৰ নিদি মনে মনে থাকিল।


(২)^  ন মোনেত মুনি হোতি মুলহৰূপো আৱিদ্দসু-ধম্মপদ,২৬৮।
(৩)^  ‘মঝজিম নিকায়’ সং ২৬।