পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৪
ভগৱান বুদ্ধ
 


বনত অৱস্থান কৰিছিল। তেতিয়া পাঁচ শ ভিক্ষুৰে সৈতে সাৰিপুত্ত আৰু মোগ্ গল্লান চাতুমাত উপস্থিত হয়গৈ। চাতুমাৰ থলুৱা ভিক্ষু- সকল আৰু সাৰিপুত্ত আৰু মোগ্ গল্লানৰ মাজত আদৰ সন্তাষণৰ বিনিময় হয়। থকা মেলাৰ ঠাই ক’ত, পাত্ৰ চীৱৰ ক’ত থোৱা যায়, আদি সোধাসুধি কৰাৰ সময়ত চিঞৰ বাখৰ হবলৈ ধৰিলে। তেতিয়া ভগৱানে আনন্দৰ আগত কলে, ‘ইয়াত কিয় এনেদৰে হৈ চৈ হৈছে, ঠিক যেনিবা মাছ ধৰাৰ সময়ত মাছমৰীয়াহঁতেহে চিঞৰ বাখৰ লগাইছে।’

 আনন্দই কলে, ‘তদন্ত, সাৰিপুত্ত আৰু মোগ্ গল্পানৰ লগত অহা ভিক্ষুসকলৰ মাজত কথা-বতৰা হৈছে। তেওঁলোকৰ থকা মেলা আৰু পাত্ৰ-চীৱৰ আদি থোৱা ঠাইৰ বিষয় লৈ চিঞৰ বাখৰ লাগিছে।’

 ভগৱানে আনন্দক পঠাই সাৰিপুত্ত, মোগ্ গল্লান আৰু আন আন ভিক্ষুসকলক মতাই নিয়ালে আৰু তেওঁলোকক দণ্ড বিহাৰ উদ্দেশ্যে এই বুলি আজ্ঞা দিলে যে তেওঁলোক তেওঁৰ লগত নাথাকি তাৰ পৰা গুচি যাব লাগে। তেওঁলোক আটায়ে লাজ পালে আৰু বুদ্ধক নমস্কাৰ কৰি তাৰ পৰা আঁতৰি যাবলৈ ওলাল। সেই সময়ত চাতুমাৰ শাক্য- সকল কিবা কাৰণত নিজৰ সংস্থাগাৰত গোট খাইছিল। তেওঁলোকে সেইদিনা মাথোন তাত উপস্থিত হোৱা ভিক্ষুকসকল সেইদিনাই তাৰ পৰা উভতি যাবলৈ ওলোৱা দেখি আচৰিত হল আৰু ভিক্ষুসকল উভতি যোৱাৰ কাৰণ কি সুধিলে। ভিক্ষুসকলে শাক্য়সকলৰ আগত কলে, ‘বুদ্ধ ভগৱানে আমাক দণ্ড দিছে, সেই কাৰণে আমি ইয়াৰ পৰা উভতি যাবলৈ ওলাইছোঁহক।’ তেতিয়া চাতুমাৰ শাক্যসকলে ভিক্ষুসকলক তাতে থকা-মেলাৰ ব্যৱস্থা কৰি দি বুদ্ধ ভগৱানক প্ৰাৰ্থনা জনাই তেওঁলোকক ক্ষমা কৰোৱালে।

 ধাৰ্ম্মিক সংবাদ অথবা আৰ্য্য় মৌন—বুদ্ধৰ সময়ত মৌন