[ ৩৩ ]
হোৱা নাই। মই যথেষ্ট প্ৰমাণেৰে সৈতে দেখুৱাইছোঁ যে অকল উপনিষদেই নহয় আৰণ্যকো বুদ্ধৰ পিচতহে ৰচিত হৈছিল; 'শতপথ ব্ৰাহ্মণ’ আৰু ‘বৃহদাৰণ্যক উপনিষদ’ত যি বংশাৱলী দিয়া হৈছে—তাৰ পৰম্পৰা বুদ্ধৰ পিচত ৩৫ পুৰুষলৈকে চলি আছিল। হেমচন্দ্ৰ ৰায় চৌধুৰীযে প্ৰতি পুৰুষৰ কাৰণে ৩০ বছৰকৈ সময় মানি লৈছে। কিন্তু অন্ততঃ প্ৰতি পুৰুষৰ কাৰণে ২৫ বছৰকৈ সময় ধৰি ললেও কব লাগিব যে বুদ্ধৰ পিচতে ৮৭৫ বছৰলৈকে এই পৰম্পৰা চলি আহিছিল। অৰ্থাৎ সমুদ্ৰগুপ্তৰ সময়লৈকে ইয়াৰ চলতি আছিল। তেতিয়া ব্ৰাহ্মণ আৰু উপনিষদ সমূহে নিশ্চিত গঢ় লৈছিল।
তাৰ আগতেও হয়তো কোনো কোনো ঠাইত সালসলনি হৈছিল। পালি সাহিত্যৰ ক্ষেত্ৰতো সেয়ে হৈছিল। বুদ্ধঘোষৰ প্ৰায় দুশ বছৰৰ আগতে পালি সাহিত্যই নিশ্চিত গঢ় লৈছিল আৰু বুদ্ধঘোষে অটঠ- কথা (টীকা) ৰচনা কৰাত তাৰ ওপৰত শেষ মোহৰ মৰা হৈছিল। শঙ্কৰাচাৰ্য্যই নৱম শতিকাতহে উপনিষদৰ টীকা লিখে। ইয়াৰ আগতে গৌডপাদৰ মাণ্ডুক্যকাৰিকা ৰচিত হৈছিল। তাৰ সকলো ঠাইতেতো বুদ্ধৰে স্তুতি কৰা হৈছে। অধিক দূৰলৈ যাবই নালাগে, আকবৰৰ সময়ত ৰচিত ‘অল্লোপনিষদ্’কো উপনিষদৰ লগতে সন্নিবিষ্ট কৰা হয়।
উপনিষদৰ আত্মবাদ আৰু তপশ্চৰ্য্যা যে শ্ৰমণ সম্প্ৰদায়ৰপৰা লোৱা হৈছিল, সেই সম্বন্ধে কোনো সন্দেহ নাই; কিয়নো যাগ-যজ্ঞৰ সংস্কৃতিৰ লগত এই দুটা কথাৰ কোনো সম্পৰ্ক নাই। আজিকালিৰ আৰ্যসমাজ আৰু ব্ৰহ্ম সমাজে বাইবেল’ৰ একেশ্বৰবাদক যিদৰে বেদ অথবা উপনিষদৰ আধাৰত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে, ঠিক তেনেকৈয়ে উপনিষদবোৰৰ দ্বাৰাও আত্মবাদ আৰু তপশ্চৰ্য্যাক বেদত প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু তাত হলে শ্ৰমণসকলৰ অহিংসা স্বীকাৰ কৰি লোৱা হোৱা নাই। গতিকে সি বৈদিক হৈয়ে ৰল।