পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯২
ভগৱান বুদ্ধ
 


 ভগৱানে কয়, ‘হে ভিক্ষুসকল, শীঘ্ৰ চাৰিকাৰ পাঁচোটা দোষ আছে। সিনো কি? প্ৰথমতে যি ধৰ্ম্মবাক্য শুনা হোৱা নাই, তাক আৰু শুনা নাযায় আৰু যি শুনা হৈছে তাৰ সংশোধন (বিশ্লেষণ) কৰিব পৰা নাযায। কিছুমান কথা সম্বন্ধে সম্পূৰ্ণ জ্ঞান লাভ কৰিব পৰা নাযায়। তাৰ ফলত কেতিয়াবা কেতিয়াবা শকত নৰিয়া হয় আৰু মিত্ৰ পোৱা নাযায়। ভিক্ষুসকল, শীঘ্ৰ চাৰিকাত এই পাঁচোটা দোষ আছে।

 ‘ভিক্ষুসকল, মন্থৰ চাৰিকাৰ পাঁচোটা গুণ আছে। সিনো কি কি? আগতে যি ধৰ্ম্মবাক্য শুনা হোৱা নাই, তাক শুনিব পৰা যায়, আৰু যি শুনা হৈছে, তাৰ সংশোধন কৰি লব পাৰি। কিছুমান কথা সম্বন্ধে সম্পূৰ্ণ জ্ঞান হয়। তাৰ ফলত কোনো শকত নৰিয়া নহয় আৰু মিত্ৰ পোৱা যায়। ভিক্ষুসকল, মন্থৰ চাৰিকাৰ এই পাঁচোটা গুণ আছে।’

 ইয়াত বুদ্ধ ভগৱানে নিজৰ বোধিসত্ত্ব অৱস্থাৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। তেওঁ তেওঁৰ অভিজ্ঞতাৰ পৰা জানিছিল যে ততাতৈয়াকৈ যাত্ৰা কৰিলে কোনো লাভ নহয়, ধীৰে সুস্থিৰে কৰা যাত্ৰাৰ পৰাহে লাভ পোৱা যায়। এইদৰে ধীৰে সুস্থিৰে ভ্ৰমণ কৰি কৰি তেওঁ আন আন শ্ৰমণ সকলৰ পৰা জ্ঞান লাভ কৰিছিল আৰু শেহত নিজৰ মধ্যম মাৰ্গ বিচাৰি উলিয়াব পাৰিছিল।

 ভিক্ষু-সংঘৰ লগত চাৰিকা-বুদ্ধত্ব লাভ কৰাৰ পিচত ভগৱান বুদ্ধগয়াৰ পৰা কাশীলৈ গৈছিল আৰু তাতে পঞ্চবৰ্গীয় ভিক্ষুসকলক উপদেশ দিছিল। তাৰ পিচতে তেওঁলোকক লৈ ভিক্ষু-সংঘৰ সংগঠন কৰিছিল। তেওঁলোকক কাশীতে এৰি থৈ ভগৱান অকলশৰে ৰাজ- গৃহলৈ উলটি গৈছিল, এই মৰ্ম্মে মহাৱগ্ গত উল্লেখ পোৱা যায়। কিন্তু সেই বাৰৰ চাতুৰ্মাসৰ পিচত এই পাঁচজন ভিক্ষু ভগৱানৰ লগত আহিল বুলি অনুমান কৰিবলৈ যথেষ্ট প্ৰমাণ আছে। ৰাজগৃহত সাৰিপুত্ত আৰু