সিংহ-শয্যা বোলা হয়। (৪) তথাগত শয্যা—অৰ্থাৎ চাৰিওটা ধ্যানৰ
সমাধি।
ইয়াৰ শেহৰ বাকী দুবিধ শয্যা বুদ্ধ ভগৱানৰ প্ৰিয় আছিল। গতিকে তেওঁ নিশা বা ধ্যান কৰাৰ সময়ত বা মধ্যম যামত সিংহ-শয্যা গ্ৰহণ কৰিছিল। আকৌ পিচত নিশাৰ শেষ যামত ভ্ৰমণ কৰিছিল অথবা ধ্যানত বহিছিল।
মিতাহাৰ-বুদ্ধ ভগৱানৰ আহাৰ পৰিমিত আছিল। খোৱা- বোৱাত তেওঁ কোনো দিনে সীমাৰ অতিৰিক্ত নকৰিছিল আৰু ভিক্ষু সকলকো তেওঁ বাৰে বাৰে সেই উপদেশকে দিছিল। ‘মঝ্জিম নিকায়’ৰ কীটাগিৰি সুত্তৰ (সং ৭০) পৰা অনুমান হয় যে প্ৰথমতে ভগৱানে ৰাতিও আহাৰ কৰিছিল। তাত ভগৱানে কৈছে, ‘হে ভিক্ষুসকল, মই ৰাতি আহাৰ কৰাটো এৰি দিছোঁ। তাৰ ফলত মোৰ শৰীৰত ব্যাধি কমি গৈছে, জাড্যৰ মাত্ৰা কম হৈছে, শৰীৰত বল আৰু মনত শান্তি পাইছোঁ। হে ভিক্ষুসকল, তোমালোকেও তেনে ধৰণৰ আচৰণ কৰিবা। যদি তোমালোকে ৰাতি আহাৰ কৰাটো এৰি দিয়া, তেন্তে তোমালোকৰ শৰীৰৰ ব্যাধি কম হব, জাড্য কমি যাব। শৰীৰত বল আৰু মনত শান্তি পাবাহঁক।
তেতিয়াৰে পৰা ভিক্ষু সকলৰ মাজত দুপৰীয়া বাৰ বজাৰ আগতে আহাৰ কৰাৰ প্ৰথাৰ প্ৰচলন হল আৰু বাৰ বজাৰ পিচত আহাৰ কৰাটো নিষিদ্ধ বুলি ধৰি লোৱা হল।
চাৰিকা—চাৰিকা শব্দৰ অৰ্থ হল যাত্ৰা বা ভ্ৰমণ। এই চাৰিকা দুই প্ৰকাৰৰ আছিল-শীঘ্ৰ চাৰিকা আৰু মন্থৰ (সাৱকাশ) চাৰিকা। এই সম্বন্ধে ‘অঙ্গুত্তৰ নিকায়’ৰ তৃতীয় ৰগ্গৰ আৰম্ভনিতে এই সুত্ত পোৱা যায়-