পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
দিনচৰ্য্য়া
 


প্ৰসন্ন মুখ-কান্তি

 গৌতমৰ বোধিসত্ত্ব অৱস্থাৰ অৰ্থাৎ তেওঁৰ গৃহবাস আৰু তপস্যাৰ সময়ৰ চৰ্য্যা সম্বন্ধে চতুৰ্থ আৰু পঞ্চম অধ্যায়ত আলোচনা কৰা হৈছে। এতিয়া এই অধ্যায়ত বুদ্ধত্ব প্ৰাপ্তিৰ পৰা পৰিনিৰ্ব্বাণলৈকে তেওঁৰ দিন চৰ্য্যা সম্বন্ধে অলপ আভাস দিবলৈ ইচ্ছা কৰা হৈছে।

 তত্ত্ববোধ হোৱাৰ পিচত বুদ্ধ ভগৱানে সেই বোধিবৃক্ষৰ তলতে তেওঁৰ ভৱিষ্যৎ জীৱনৰ কাৰ্য্য়-সূচী স্থিৰ কৰি লৈছিল। তেৱেঁতো আগতেই তপশ্চৰ্য্য়া এৰি দিছিল, আৰু পুনৰ কামোপভোগৰ পিনলৈ যাবলৈকো তেওঁৰ অন্তৰত কোনো বাসনা নাছিল। গতিকে তেওঁ শৰীৰ ঢাকিবলৈ পৰ্য্যাপ্ত বস্ত্ৰ আৰু ভোক গুচাবলৈ পৰ্য্যাপ্ত অন্ন গ্ৰহণ কৰি জীৱনৰ বাকী ছোৱা বহুজনৰ হিতৰ কাৰণে নিয়োগ কৰিবলৈ স্থিৰ কৰি লৈছিল। এই সিদ্ধান্তৰ ফলত বুদ্ধৰ মুখকান্তি কেনেকুৱা হৈছিল, ‘মঝ্‌জিমনিকায়’ৰ অৰিয়পৰিয়েসন সুত্তত আৰু ৱিনয়ৰ মহাবগ্ গত তাৰ বৰ্ণনা পোৱা যায়।

 বুদ্ধ ভগৱানে পঞ্চবৰ্গীয় ভিক্ষু কেইজনক উপদেশ দিয়াৰ উদ্দেশ্যে গয়াৰ পৰা বাৰাণসীলৈ যাত্ৰা কৰোঁতে বাটতে উপক নামৰ এজন আজীৱক পন্থৰ শ্ৰমণৰ লগত তেওঁৰ দেখা হয় আৰু তেওঁ সোধে ‘হে আয়ুষ্মান গৌতম, তোমাৰ চেহেৰা প্ৰসন্ন আৰু অঙ্গ-কান্তি তেজস্বী দেখা যায়। তুমিনো কোন আচাৰ্য্য়ৰ শিষ্য?’

 ভগৱান-মই নিজৰ ধৰ্ম্মমাৰ্গ নিজেই বিচাৰি উলিয়াইছোঁ।

 উপক-তেন্তে তুমি অৰহস্ত হৈ পৰিছা নেকি? তোমাক জানো

‘জিন’ বুলিব পৰা যায়?

১৯