পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মাংসাহাৰ
২৮৭
 


দাসীদাসং-অজেলকং- কুক্কুটসুকৰং- হত্তি- গৱাস্‌সৱলৱং•••জাত- ৰূপৰজতং জাতিধম্মং।

 অৰ্থাৎ হাতী, গাই, ঘোঁৰা আদি সম্পত্তিৰ ভিতৰত কুকুন্দা আৰু গাহৰীকো ধৰা হয়। এনে হোৱা সত্ত্বেও গাহৰীৰ মঙহৰ প্ৰতি কিদৰে এনেকুৱা ঘৃণাৰ সৃষ্টি হল! পালি সাহিত্যত যাগ-যজ্ঞত মৰা প্ৰাণীবোৰৰ ভিতৰত গাহৰীৰ উল্লেখ পোৱা নাযায়। আন কথাত কবলৈ গলে বুদ্ধৰ সময়ত গাহৰী অমেধ্য আছিল। কিন্তু সি যে অভক্ষ্য়ও আছিল, তাৰ হলে কোনো প্ৰমাণ পোৱা নাযায়। তেনে হোৱাহেঁতেন ক্ষত্ৰিয় সকলৰ ঘৰৰ সা-সম্পত্তিৰ ভিতৰত তাক সামৰি ধৰা নহলহেঁতেন। ধৰ্ম্মসূত্ৰতে পোন পহিলতে গাহৰীৰ মঙহ নিষেধ কৰা দেখা যায়।[৮] আৰু পিচলৈ মনুস্মৃতি আদি স্মৃতি-গ্ৰন্থত তাৰ অনুবাদ পোৱা যায়।[৯] কিন্তু বনৰীয়া গাহৰীৰ নিষেধ কোনো দিনেই হোৱা নাই। তাৰ মঙহ পবিত্ৰ বুলিহে মনা হৈছে।[১০]

 বুদ্ধই অমিতাহাৰ কৰাৰ মিথ্যা দোষাৰোপ—যদি আমি ধৰি লওঁ যে বুদ্ধ ভগৱানে পৰিনিৰ্ব্বাণৰ আগতে যি সামগ্ৰী খাইছিল সি গাহৰীৰ মঙহেই আছিল, তথাপিও কুৎসিত টীকাকাৰ সকলে তাক অজীৰ্ণ হোৱাকৈ খোৱাৰ ফলত তেওঁ মৃত্যু-মুখত পৰা বুলি কৰা মন্তব্যত অলপো সত্যতা নাই। গৌতম বুদ্ধই অমিতাহাৰ কৰাৰ প্ৰমাণ ক’তো পোৱা নাযায়। গতিকে অকল সেইদিনাই তেওঁ সেই সামগ্ৰী


(৮)^  ‘কাককংকগৃধ্ৰশ্যেনা জলজৰক্তপাদতুণ্ডা গ্ৰাম্যকুকুটসুকৰাঃ’-‘গৌতমসুত্ৰ’, অ. ৮|২৯| ‘একখুৰোষ্ট্ৰগৱয়গ্ৰাম সূকৰসৰভগৱাম্‌’। ‘আপস্তৰ ধৰ্ম্মসূত্ৰ, প্ৰশ্ন ১ পটল ৫ খণ্ডিকা ১৭।২৯।
(৯)^  ‘মনুস্মৃতি’,অ.৫|১৯|
(১০)^  ‘মনুস্মৃতি’, অ. ৩|২৭০|