পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৬
ভগৱান বুদ্ধ
 


 আমাৰ পূৰ্ব্বপুৰুষসকল নিৰামিষী নাছিল—আজিকালি যাগ-যজ্ঞ প্ৰায় বন্ধ হৈ গৈছে। কিন্তু মেলা পাতি বলি দিয়াৰ প্ৰথা এতিয়াও ভালেমান ঠাইত চলি আছে। তথাপি আন যি কোনো দেশৰ তুলনাত ভাৰতীয় ৰাইজ অধিক নিৰামিষী। জৈন আৰু বৌদ্ধসকলৰ ধৰ্ম্ম প্ৰচাৰেই যে ইয়াৰ কাৰণ, সেই সম্বন্ধে কোনো সন্দেহ নাই। আজিকালি আমি শাকাহাৰী সঁচা, সেই বুলি আমাৰ পুৰ্ব্বপুৰুষসকলো আমাৰ নিচিনাই শাকাহাৰী আছিল বুলি কোৱাটো বাস্তৱ অৱস্থাৰ লগত খাপ নোখোৱা কথা হব।

 চীনত গাহৰীৰ গুৰুত্ব—এতিয়া মঙহ সম্বন্ধে দুই চাৰি আষাৰ কথা লিখাটো উচিত হব। প্ৰাচীন কালৰ পৰাই চীনা ৰাইজে গাহৰীক এটা সম্পত্তিৰ অঙ্গ বুলি মানি আহিছে। তেওঁলোকৰ লিপি আকাৰ চিহ্নেৰে গঠিত। এই চিহ্নবোৰৰ মিশ্ৰণৰ ফলত ভিন ভিন শব্দ ৰচিত হয়। উদাহৰণ স্বৰূপে মানুহৰ চিন দি তাত তৰোৱালৰ চিন লগাই দিলে তাৰ অৰ্থ হয় ‘আখৰ’, তিৰোতাৰ দুটা চিন দিলে তাৰ অৰ্থ হয় ‘কাঁজিয়া’ আৰু সেইদৰে গাহৰীৰ চিন দিলে তাৰ অৰ্থ হয় ‘সম্পত্তি’। অৰ্থাৎ ঘৰত গাহৰী থকাটো চীনা সকলে সম্পত্তিৰ লক্ষণ বুলি ভাবিছিল আৰু আজিকালিও চীনত গাহৰীৰ প্ৰতি সমানেই গুৰুত্ব দিয়া হয়।

 প্ৰাচীন হিন্দুয়ে গাহৰীক সম্পত্তিৰ ভাগ বুলি মানিছিল- ভাৰতবৰ্ষত অৱশ্যে গাহৰীৰ প্ৰতি ইমান গুৰুত্ব দিয়া নহয়। তথাপিও ইয়াক সম্পত্তিৰ এটা ভাগ বুলি বিবেচনা কৰা হৈছিল। ‘অৰিয়- পৰিয়েসনসুত্ত’ত[৭] ঐহিক সম্পত্তি অনিত্যতা সম্বন্ধে এইদৰে বৰ্ণনা কৰা হৈছে:-

 কিংচ ভিক্খৱে জাতিধম্মং? পুত্তভৰিয়ং ভিক্খৱে জাতিধম্মং।


(৭)^  মঝ জিমমিকায় ২৬।