পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৪
ভগৱান বুদ্ধ
 


এই মঙহৰ দ্বাৰা শৰীৰ শকত আৱত হয় কাৰণে তেওঁ তাক পৰিত্যাগ কৰিবলৈ সাজু নাছিল। আন প্ৰসঙ্গত গোমাংসৰ আহাৰ কৰা বিষয়ত হলে ব্ৰাহ্মণসকলৰ মাজত কোনো বাদ-বিবাদ নাছিল। অকল সেয়ে নহয়, কোনো বিশিষ্ট আলহী আহিলে ডাঙৰ বলধ মাৰি তেনে আলহীৰ আদৰ সৎকাৰ কৰাৰ প্ৰথা বৰ প্ৰসিদ্ধ আছিল। অকল গৌতম সূত্ৰ- কাৰে গোমাংসৰ আহাৰ নিষেধ কৰিছে, কিন্তু মধুপৰ্ক বিধিত তেওঁৰো কোনো আপত্তি নাই। এই প্ৰথা ব্ৰাহ্মণসকলৰ মাজত ভৱভূতিৰ দিনলৈকে কম বেচি পৰিমাণে চলি থকা যেন অনুমান হয়। ‘উত্তৰৰাম- চৰিত’ৰ চতুৰ্থ অঙ্কৰ আৰম্ভণিতে সৌধাতকি আৰু দণ্ডায়নৰ সংবাদ আছে। তাৰে কিছু অংশ ইয়াতে তুলি দিয়া হল-

 সোধাতকি—কি বসিষ্ঠ!

 দণ্ডায়ন—আকৌ কি?

 সৌধা—সেইটো কিবা বাঘৰ নিচিনা হব বুলি মোৰ অনুমান হৈছিল।

 দণ্ড—কিযে কোৱা!

 সৌধা—সি আহিয়েই আমাৰ বেচাৰী কপিলা দামুৰীটোক ততা- লিকে মাৰি পেলালে!

 দণ্ডা-মধুপৰ্কবিধি সামিষ হব লাগে, ধৰ্ম্মশাস্ত্ৰৰ এই আজ্ঞাৰ প্ৰতি অতিশয় সম্মান কৰি গৃহস্থসকলে কোনো শ্ৰোত্ৰিয় অতিথি আহিলে দামুৰী বা বলধ মাৰি তাৰ মঙহ ৰান্ধে, কিয়নো ধৰ্ম্মসূত্ৰকাৰসকলে তেনে ভাৱেই উপদেশ দি গৈছে।

 ভৱভূতিৰ সময় সপ্তম শতাব্দী বুলি ধৰা হয়। তেতিয়াৰ দিনত আজিকালিৰ সমানেই গোমাংস ভক্ষণ অতিশয় নিষিদ্ধ হোৱাহেঁতেন বসিষ্ঠই দামুৰী খোৱাৰ উল্লেখ তেওঁ তেওঁৰ নাটকত কৰিব নোৱাৰিলে- হেঁতেন। যদিহে এই কথোপকথন আজিৰ নাটকত দিয়া হয় তেন্তে

সেই নাটক হিন্দুসমাজৰ কিমান দূৰ প্ৰিয় হব?