পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মাংসাহাৰ
২৭৯
 

(১৪ শ) আমগন্ধ সুত্তত[৫] পোৱা যায়। ইয়াতে তাৰ ভাঙনি দিয়া হল—

 ১। (তিষ্য তাপস) শ্যামক, চিঙ্গুলক, চীনক, গছৰ পাত, কন্দমূল আৰু ফল ধৰ্ম্ম অনুসৰি পালে তাৰ ওপৰত নিৰ্ব্বাহ কৰা লোকে বিলাসৰ বস্তুৰ কাৰণে মিছা নকয়।

 ২। হে কাশ্যপ, আনে দিয়া সুন্দৰ আৰু ভালদৰে ৰন্ধা চাউল সুৰস আৰু উত্তম অন্ন গ্ৰহণ কৰোঁতা তুমি আমগন্ধ (অমেধ্য পদাৰ্থ) খোমা।

 হে ব্ৰহ্মবন্ধু, চৰাইৰ মঙহৰ লগত মিহলোৱা চাউলৰ অন্ন খোৱাৰ সময়ত তুমি কোৱা মোৰ বাবে আমগন্ধ উচিত নহয়। গতিকে হে কাশ্যপ, মই তোমাক সোধোচোন, তোমাৰ আমগন্ধনো কেনে ধৰণৰ?

 ৪। (কাশ্যপ বুদ্ধ ) প্ৰাণীহত্যা, বধ, ছেদ, বন্ধন, চুৰি, অসত্য ভাষণ, ছল-চাতুৰী, আনক বিপদত পেলোৱা,জাৰণ-মাৰণ আদিৰ অভ্যাস আৰু ব্যভিচাৰেই হল আমগন্ধ, মাংস-ভোজন নহয়।

 ৫। যাৰ তিৰোতাৰ বিষয়ত সংযম নাই, যি জিহ্বা- লোলুপ, অশুচি-কৰ্ম্ম-মিশ্ৰিত, নাস্তিক, বিষম আৰু দুৰ্ব্বিনীত তেওঁৰ কামেই আমগন্ধ, মাংস-ভোজন নহয়।

 ৬। যি ৰুক্ষ, দাৰুণ, টুটকীয়া, মিত্ৰদ্ৰোহী, নিৰ্দ্দয়, অভিমানী, কৃপণ, আৰু কাকো একো দিব নোৱাৰে, তেওঁৰ কামেই আমগন্ধ, মাংস-ভোজন নহয়।

 ৭। ক্ৰোধ, মদ, কঠোৰতা, বিৰোধ, মায়া, ঈৰ্ষা, বৃথা প্ৰলাপ, মানাতিমান আৰু দুষ্ট লোকৰ সংগতিয়েই আমগন্ধ, মাংস-ভোজন নহয়।


(৫)^  এই আমগন্ধ সুৰত দিয়া উপদেশৰ লগত যীশুখৃষ্টৰ তলত দিয়া বচনৰ তুলনা

কৰিব পৰা যায় -“যি মুখলৈ যায় সি মানুহক ভ্ৰষ্ট নকৰে, কিন্তু মুখৰ পৰা বাহিৰ ওলায় সিয়েহে মানুহক ভ্ৰষ্ট কৰে। মেথ ১০১১