তুমি তেওঁৰ আগত কবা “কালি মেকুৰীয়ে মৰা কুকুৰাৰ মঙহ তুমি ৰান্ধি
থৈছা, তাকে দিয়া।”
শ্ৰীগোপালদাসে নিজৰ প্ৰৱন্ধত মূল ‘ভগৱতী সুত্ৰ’ৰ উদ্ধৃতি দিয়া নাই। তাক ইয়াতে তুলি দিয়াতো উচিত হব:
তং গচ্ছহ ণং তুমং সীহা, মেঢ়িয়গামং নগৰং ৰেৱতীএ গাহাৱতি নীএ গিহে তৎথ ণং ৰেৱতীএ গাহাৱতিণীএ মমং অট্ঠাএ দুৱে কবোয় সৰীৰা উৱক্খডিয়া, তেহিং নো অট্ঠো। অৎথি সে অন্ন পাৰিয়াসিএ মজ্জাকডএ কুক্কুড-মংসএ তং আহৰাহি এএণং অট্ঠো।
অৰ্দ্ধমাগধী সম্বন্ধে যাৰ অলপমানো জ্ঞান আছে, সিয়ে যদি নিৰপেক্ষ- ভাৱে এই উদ্ধৃতি পঢ়ি চায় তেন্তে কব লাগিব যে গোপালদাসজীয়ে কৰা অৰ্থ সঙ্গত হৈছে;৩ কিন্তু আজি ভালেমান জৈন পণ্ডিতে তেওঁৰ কঠোৰ আলোচনা কৰিছে।
বৌদ্ধ আৰু জৈন শ্ৰমণৰ মাংসাহাৰত পাৰ্থক্য-মাংসাহাৰ
সম্বন্ধে জৈন আৰু বৌদ্ধ সকলৰ মাজত যি ধৰণৰ বাদ-বিবাদ চলিছিল
তালৈ লক্ষ্য কৰিলে দেখা যায় যে শ্ৰীগোপালদাসজীয়ে কৰা মন্তব্যই সঁচা।
অষ্টম অধ্যায়তে উল্লেখ কৰা হৈছে যে বৈশালীৰ সিংহ সেনাপতি নিৰ্গ্ৰন্থৰ উপাসক আছিল। বুদ্ধৰ উপদেশ শুনি তেওঁ বুদ্ধৰ উপাসক হৈছিল আৰু তেওঁ বুদ্ধ আৰু ভিক্ষু-সংঘক নিজৰ ঘৰলৈ আমন্ত্ৰণ কৰি নি তেওঁলোকৰ যথেষ্ট আদৰ সৎকাৰ কৰিছিল। কিন্তু নিৰ্গ্ৰন্থসকলে সেই কথা ভাল নাপালে। তেওঁলোকে বৈশালী নগৰত এটা উৰাবাতৰি প্ৰচাৰ কৰিলে যে সিংহই এটা ডাঙৰ পশু মাৰি গৌতম আৰু ভিক্ষু-সংঘক ভোজ খুৱাইছে আৰু সেই কথা জানা সত্বেও গৌতম সেই ভোজত
________________________________________
(৩) অৰ্থাৎ খৃষ্টীয় ১৯৩৮ চনত।